নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক সাংসদৰে বিয়াত বহিব ডাউদৰ প্রেয়সী

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ কুখ্যাত মাফিয়া ডাউদ ইব্রাহিমৰ প্রাক্তন পাকিস্তানী প্রেয়সী মেহউইছ হায়াটৰ পাকিস্তানী ৰাজনীতিক এগৰাকীৰ সৈতে বিবাহ সম্পন্ন হোৱাৰ সম্ভাৱনা আছে৷ শেহতীয়াকৈ হায়াটে এক টেলিভিছন সাক্ষাৎকাৰত এই কথা উল্লেখ কৰিছে৷

স্মর্তব্য যে ২০১৯ চনত হায়াটৰ সৈতে ডাউদৰ প্রণয়ৰ সম্পর্ক থকা বুলি দেশখনৰ সংবাদ মাধ্যমত প্রকাশ পাইছিল৷ এক আইটেম ছঙত হায়াটক দেখাৰ পিছতে যুৱতীগৰাকীৰ প্রেমত পৰিছিল ডাউদ৷ পাকিস্তান চৰকাৰে ‘টামগা–ই–ইমতিয়াজ’ সন্মান আগবঢ়াইছে ডাউদতকৈ ২৭ বছৰ সৰু হায়াটক৷ সাক্ষাৎকাৰত হায়াটে পাকিস্তানী সাংসদ বিলাৱল ভূট্টোৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব বিচাৰিছে নেকি বুলি প্রশ্ণ কৰাত ইয়াৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে৷

You might also like