নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ বিৰুদ্ধে পাক জেহাদীৰ চীনা ড্র’ন ব্যৱহাৰ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ পাকিস্তানে সীমান্তৰে ভাৰতত জেহাদীলৈ অস্ত্র প্রেৰণ কৰিবলৈ চীন নির্মিত নতুন ড্র’নৰ ব্যৱহাৰ কৰিবলৈ লৈছে৷ শেহতীয়াকৈ পঞ্জাব আৰক্ষীয়ে কেন্দ্রীয় চৰকাৰক সীমান্তত ৰাডাৰ স্থাপন কৰিবলৈ অনুৰোধ কৰিছে৷ আকাশ মার্গৰ নিম্ন ভাগেৰে উৰি অহা মানৱবিহীন যিকোনো যানৰ অৱস্থান নিশ্চিত কৰিবলৈ এই ৰাডাৰ স্থাপন কৰাৰ আহ্বান জনাইছে পঞ্জাব আৰক্ষীয়ে৷

উল্লেখনীয় যে পাক সমর্থনপুষ্ট সন্ত্রাসবাদী সংগঠন আৰু কুখ্যাত চোৰাংচোৱা সংস্থা আই এছ আয়ে ইতিমধ্যে ভাৰতৰ পঞ্জাব তথা জম্মু–কাশ্মীৰলৈ অস্ত্র প্রেৰণৰ বাবে এনে চীনা ড্র’ন ব্যৱহাৰ কৰা বুলি দেশৰ গুপ্তচৰ সংস্থাসমূহেও সদৰী কৰিছে৷ পাকিস্তানস্থিত খালিস্থানী সন্ত্রাসবাদীয়ে পঞ্জাব প্রদেশলৈ যিকোনো মুহূর্তত এনেদৰে ড্র’নেৰে অস্ত্র প্রেৰণ কৰি ভয়াৱহ কূটাঘাতৰ পৰিকল্পনা চলাব পাৰে বুলিও চোৰাংচোৱাই সতর্কবাণী কৰিছে৷

You might also like