নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱ সেনাত যোগদান অভিনেত্রী উর্মিলা মাটোণ্ডকাৰৰ

নিয়মীয়া বাৰ্তা ২ ডিচেম্বৰঃ বলীউডৰ অভিনেত্রী উর্মিলা মাটোণ্ডকাৰে কালি শিৱ সেনাত যোগদান কৰিছে৷ ৪৬ বছৰীয়া অভিনেত্রীগৰাকীয়ে ২০১৯ৰ লোকসভা নির্বাচনত কংগ্রেছৰ প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰি চূড়ান্ত ব্যর্থতাক আঁকোৱালি ল’বলগীয়া হৈছিল৷

কালি অভিনেত্রীগৰাকীয়ে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেৰ উপস্থিতিত বান্দ্রাৰ উপকণ্ঠীয় মুখ্যমন্ত্রীৰ বাসভৱন মাটুশ্রীত আনুষ্ঠানিকভাৱে শিৱ সেনাত যোগদান কৰে৷

স্মর্তব্য যে কংগ্রেছত প্রায় ছমাহ থকাৰ পিছতে দলটোৰ পৰা পদত্যাগ কৰিছিল উর্মিলাই৷ স্মর্তব্য যে শিৱ সেনাত যোগদান কৰাৰ পিছতেই অভিনেত্রী উর্মিলাই দলটোৰ প্রতিষ্ঠাতা প্রয়াত বালাচাহেব থাকৰে আৰু তেওঁৰ পত্নী মিনতি থাকৰেৰ প্রতিকৃতিত কৰযোৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷

You might also like