নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ পত্নী, ১৫০ সন্তান: উইনষ্টন ব্লেকম’ৰৰ সুখৰ সংসাৰ

নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ ২৭ পত্নী আৰু ১৫০ সন্তান৷ কানাডাৰ বহুগামী উইনষ্টন ব্লেকম’ৰৰ সুখৰ সংসাৰ৷ ২৭গৰাকী পত্নীৰ ভিতৰত ২২গৰাকীৰ আছে সন্তান৷ এই ২২গৰাকী মহিলাৰ ১৬গৰাকী বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁৰ সৈতে একেলগে আছে৷ কানাডা বুলিয়েই নহয়, বিশ্বৰ ভিতৰতে সর্বাধিক পত্নী আৰু সন্তান থকা পৰিয়ালৰ মুৰব্বী হিচাপে উইনষ্টন ব্লেকম’ৰ চিহ্ণিত হৈছে৷

টিকটক ভিডিঅ’যোগে উইনষ্টন ব্লেকম’ৰৰ এক পুত্র মার্লিনে উল্লেখ কৰিছে যে এই বৃহৎ পৰিয়ালৰ সদস্য হিচাপে তেওঁৰ বর্ণিল অভিজ্ঞতা হৈছে৷ বহু মাতৃ আৰু ভাতৃ–ভগ্ণীৰ সৈতে একেলগে থকা মার্লিনে উল্লেখ কৰিছে যে পিতৃৰ বহুবিবাহ সত্ত্বেও তেওঁলোক সুখী৷ লক্ষণীয়ভাৱে ব্লেকম’ৰৰ জ্যেষ্ঠ পুত্রৰ বয়স ৪৪ বছৰ আৰু কনিষ্ঠ সন্তানৰ বয়স মাত্র এবছৰ৷ বৃহৎ পৰিয়ালটোৰ আটাইবোৰ সদস্যই নিজকেই সুখী বুলি ভাবে৷

শেহতীয়াকৈ মার্লিন আৰু তেওঁৰ ভাতৃ ৱাৰেনে আমেৰিকালৈ যাত্রা কৰিছে৷ কানাডাৰ পৰা আমেৰিকালৈ বিস্তাৰ হৈছে উইনষ্টন ব্লেকম’ৰৰ সংসাৰ৷ পৰিয়ালৰ সকলো সন্তানে নিজৰ জন্মদাত্রী মাতৃক ‘মম’ সম্বোধন কৰাৰ বিপৰীতে সতীয়া মাতৃসকলক ‘মাদাৰ’ বুলি সম্বোধন কৰে৷ ২২গৰাকী মাতৃৰ সন্তানসকলে পৰস্পৰে নিজক ভাতৃ–ভগ্ণীৰ দৰে গণ্য কৰে৷ বিশ্বৰ সংবাদ মাধ্যমত এতিয়া উইনষ্টন ব্লেকম’ৰৰ এই বৃহৎ পৰিয়ালক লৈ ব্যাপক চর্চা চলিছে৷ কেনেদৰে ২৭ পত্নী আৰু ১৫০ সন্তানৰ পৰিয়ালটোক উইনষ্টন ব্লেকম’ৰে সুখী ৰাখিবলৈ সক্ষম হৈছে তাক লৈও চলিছে চর্চা৷

You might also like