নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহ বিচ্ছেদৰ পাছত কাৰ সৈতে থাকিব পোহনীয়া কুকুৰটো…

কুকুৰ পোহাৰ চখ এতিয়া মানুহৰ মাজত ক্ৰমাং বাঢ়িছে। বিশেষকৈ ডাঙৰ ডাঙৰ চহৰবোৰত মানুহে আন জীৱ পোহাটো দিগদাৰ যদিও কুকুৰটো নিজৰ লগতে ৰাখি প্ৰায় সকলোৱে পুহে। বহুতে কুকুৰটোক নিজৰ সন্তানৰ দৰে মৰম-আদৰ আৰু যতন কৰে। কুকুৰটো বহুতৰে বাবে ঘৰৰ সদস্য। এই সকলোবোৰকে নজৰ দি ইউৰোপৰ কেবাখনো দেশৰ ন্যায়পালিকাই নতুন নিৰ্দেশনা জাৰি কৰিছে।

বিবাহ বিচ্ছেদৰ পাছত কোনে পাব পোহনীয়া কুকুৰটোৰ কাষ্টডি, সেই লৈ শেহতীয়াকৈ আইন ব্যৱস্থাত সংশোধনী আনিছে স্পেইনে। ফ্ৰান্স আৰু পৰ্টুগালৰ পাছত পৰিয়ালৰ আন সদস্যৰ দৰে পোহনীয়া কুকুৰটোৰ কাষ্টডীও আইনী প্ৰক্ৰিয়াৰ অন্তৰ্গত হ’ব। বিবাহ বিচ্ছেদ বা বিবাহৰ পূৰ্বে থকা সম্পৰ্ক চেদ হ’লে দম্পত্তিৰ পোহনীয়া জীৱটোৰ আইনী স্বত্ত্ব দুয়োজনে সমানকৈ পাব। এজনে এমাহ, আনজনে এমাহ, তেনেকৈয়ে লালন-পালন কৰিব লাগিব কুকুৰটোৰ।

ইউৰোপৰ আন আন দেশৰ তুলনাত স্পেইনত কুকুৰ পোহা মানুহ যথেষ্ট বেছি, আৰু তাৰে বাওঁদলৰ মিত্ৰ চৰকাৰে জীৱজন্তুৰ অধিকাৰৰ প্ৰতি যথেষ্ট গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। কুকুৰৰ আইনী স্বত্ত্ব বস্তুগতভাৱে নহয়, আৱেগৰ দৃষ্টিৰে গ্ৰহণ হ’ব।

You might also like