নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উপগ্রহৰ দ্বাৰা আফ্রিকাৰ অৰণ্যত চলিব হাতীৰ গণনা

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ  প্রথমবাৰলৈ উপগ্রহ ছবিৰে আফ্রিকাৰ অৰণ্যৰ হাতীৰ গণনা কৰাৰ সিদ্ধান্ত লৈছে বিজ্ঞানীসকলে৷ পৃথিৱীৰ পৰা ৬০০ কিলোমিটাৰ উচ্চতাত থকা উপগ্রহৰ জৰিয়তে আফ্রিকাৰ অৰণ্যৰ আলোকচিত্র গ্রহণ কৰিব বিজ্ঞানীসকলে৷ আকাশ যেতিয়া মুক্ত হৈ থাকিব, তেতিয়াই ৫০০০ বর্গকিলোমিটাৰ দূৰত্ব পর্যন্ত হাতীৰ বিচৰণভূমিৰ ওপৰত উপগ্রহৰ জৰিয়তে নিৰীক্ষণ চলোৱা হ’ব৷

বাথ বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড০ ওলগা ইছুপ’ভাই শেহতীয়াকৈ এই তথ্য সদৰী কৰিছে৷ ইতিমধ্যে দক্ষিণ আফ্রিকাৰ আডো এলিফেণ্ট নেচনেল পার্কত এই ব্যৱস্থাৰ জৰিয়তে হাতীৰ গণনা পৰীক্ষামূলকভাৱে কৰিছে বিজ্ঞানীসকলে৷ অক্সফ’ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ড০ ইছলা ডুপ’র্গেই সংবাদ মাধ্যমক জনোৱা অনুসৰি হাতীৰ গণনাৰ বাবে নতুন এই পদ্ধতি ব্যৱহাৰ কৰি এইক্ষেত্রত বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে৷

স্মর্তব্য যে আফ্রিকাৰ দেশসমূহত হাতীৰ সংৰক্ষণৰ বিষয়টোক লৈ বিভিন্ন সময়ত বন্যপ্রাণী সুৰক্ষা সংস্থাসমূহে আপত্তি দর্শাই আহিছে৷ আফ্রিকাৰ দেশসমূহত অভাৱনীয়ভাৱে হাতী নিধন কৰা হয় বুলিও প্রতিক্রিয়া প্রকাশ কৰি আহিছে বন্যপ্রাণী সুৰক্ষা সংস্থাসমূহে৷

You might also like