নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রেক্টৰ সমদল উলিওৱাৰ সিদ্ধান্তত অটল প্রতিবাদী কৃষক

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ   কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তত প্রতিবাদ অব্যাহত ৰখা কৃষকৰ গণৰাজ্য দিৱসৰ প্রস্তাৱিত ট্রেক্টৰ সমদল সন্দর্ভত  দিল্লী আৰক্ষীৰ শীর্ষ বিষয়াৰ সৈতে কৃষক নেতৃত্বই আলোচনা চলায় যদিও এই আলোচনাত কোনোধৰণৰ সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই৷

আৰক্ষীয়ে উল্লেখ কৰিছে যে কৃষকে যি স্থানত ট্রেক্টৰ সমদল উলিয়াব বিচাৰিছে, সেই স্থান হৈছে অতি স্পর্শকাতৰ৷ গতিকে তাৰ পৰা দিল্লীৰ বাহিৰত কুণ্ডলী–মানেছাৰ–পাল্ আৰু কুণ্ডলী–গাজিয়াবাদ–প্ ৰাষ্ট্রীয় ঘাইপথত এই সমদল উলিয়াব লাগে বুলি আৰক্ষীয়ে আহ্বান জনাইছে৷ কিন্তু এই আহ্বান অগ্রাহ্য কৰিছে প্রতিবাদী কৃষকে৷

You might also like