মেক্সিকোৰ ফাতিমা বছৰ শিৰত মিছ ইউনিভাৰ্ছ-২০২৫ৰ খিতাপ
বহুত উত্থান-পতন, বিতৰ্ক আৰু সমালোচনাৰে আৱদ্ধ ৭৪সংখ্যক মিছ ইউনিভাৰ্চ প্ৰতিযোগিতাৰ পৰিসমাপ্তি ঘটিল থাইলেণ্ডত। আজি অনুষ্ঠিত মহাগ্ৰেণ্ড ফাইনেলত মেক্সিকোৰ প্ৰতিযোগী ফাতিমা বছে মুকুট অৰ্জন কৰি ২০২৫ চনৰ মিছ ইউনিভাৰ্চ খিতাপ দখল কৰিবলৈ সক্ষম হয়।
থাই–ইণ্ডিয়ান প্ৰতিযোগী প্ৰবীণাৰ সিংহ প্ৰথম ৰানাৰ্ছআপ হিচাপে বাছনি হয়। ভাৰতৰ প্ৰতিনিধি মণিকা বিশ্বকর্মা টপ ১২ ৰাউণ্ডত অসফল হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লয়।
এইবাৰৰ মিছ ইউনিভাৰ্চ সংস্কৰণ বহুতো কেলেংকাৰিৰ অভিযোগৰ বাবে বিশেষকৈ আলোচিত হৈছিল। প্ৰতিযোগিতাৰ বিশ্বাসযোগ্যতা আৰু বৰ্তমান সময়ত এনে সৌন্দৰ্য প্ৰতিযোগিতাৰ প্ৰাসংগিকতা সন্দৰ্ভতো বহুতো প্ৰশ্ন উঠিছে।
এই সংস্কৰণৰ বৃহৎ বিতৰ্কৰ মূল কেন্দ্রত আছিল নতুনকৈ বিজয়ী ফাতিমা বছ। আগষ্ট মাহত থাইলেণ্ডৰ মিছ ইউনিভাৰ্চ ডাইৰেক্টৰ নৱাট ইটছাৰাগ্ৰিছিলে এখন আগতীয়াকৈ আয়োজিত অনুষ্ঠানত জনসম্মুখতে বছক তিৰ্যক সমালোচনা কৰে।
৪ নৱেম্বৰৰ এই বৈঠকত ইটছাৰাগ্ৰিছিলে বছৰ বিৰুদ্ধে অভিযোগ তোলে যে তেওঁ প্রতিযোগিতাৰ এটা প্ৰচাৰমূলক কাৰ্যসূচীত অংশ লব নোৱাৰিলে। সেই সময়ৰ এই আচৰণে বিশ্বজুৰি সমালোচনাৰ সৃষ্টি কৰিছিল।
ডিজিটেল ডেস্ক, ২১ নৱেম্বৰ