নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ল’ব লগা আছিল দ্ৰোণাচাৰ্য বঁটা, কিন্তু এদিন আগেয়ে হ’ল মৃত্যু…

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ দ্ৰোণাচাৰ্য সন্মানৰ বাবে নিৰ্বাচিত হৈছিল তেওঁ। আজি খেল দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত এই সন্মানপ্ৰাপ্তিৰ অংশীদাৰ হ’ব লগা আছিল। কিন্তু সন্মানৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰ লৈয়ে তেওঁ কালি সম্বৰণ কৰিলে ইহলীলা। মাত্ৰ কেইটামান ঘণ্টাৰ বাবে দ্ৰোণাচাৰ্য বঁটা গ্ৰহণৰ গৌৰৱৰ পৰা বঞ্চিত হোৱা এইগৰাকী খেলগুৰু হ’ল পুৰুষোত্তম ৰায়।

বাংগালুৰু নিৱাসী পুৰুষোত্তম ৰায় আছিল এম কে আশৱা, ইবি শয়লা, ৰোছা কুট্টী, অশ্বিন নচপ্পা, মুৰলী কুট্টন, জি জি পৰমিলাৰ দৰে এথলীটক খেলজগতত থিয় কৰোৱা এগৰাকী এথলীট প্ৰশিক্ষক। এথলীট প্ৰশিক্ষকৰ সময়ছোৱাত ৰয়ে প্ৰতিভাৱান এথলীটক বাছনিভুক্ত কৰোৱাবৰ বাবে বহু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল। খেলজগততো থকা স্বজন-তোষণৰ প্ৰকোপৰ বাবে ৰায়ে বিষয়া পৰ্যায়ৰ ব্যক্তিক পতিয়ন নিওৱাৰ বাবে যথেষ্টখিনি সংগ্ৰাম কৰিবলগীয়া হৈছিল।

পুৰুষোত্তম ৰায় ১৯৮৭ৰ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ, ১৯৮৮ৰ এছিয়ান ট্ৰেক এণ্ড ফিল্ড চেম্পিয়নশ্বিপ, ১৯৯৯ৰ ছাফ গেমছৰ দৰে বিশ্বমানৰ টুৰ্নামেণ্টৰ লগতে বহু টুৰ্নামেণ্টৰ ভাৰতীয় এথলীটক প্ৰশিক্ষণ প্ৰদান কৰিছিল। কিন্তু দুৰ্ভাগ্য়জনকভাৱে ৰায় দ্ৰোণাচাৰ্য সন্মানৰ বাবে নিৰ্বাচিত নহৈছিল, কিবা অজান কাৰণত ৰাজ্যিক এছোছিয়েচন পাৰ হৈ তেওঁৰ নাম ৰাষ্ট্ৰীয় স্তৰ গৈ পোৱা নাছিল।

কিন্তু এইবাৰৰ চৰকাৰে সলনি কৰা নতুন নিয়ম অনুযায়ী কোনো খেলুৱৈ বা প্ৰশিক্ষকে নিজকে উপযুক্ত বুলি তথ্য-প্ৰমাণসহকাৰে নিৰ্বাচিত কৰাৰ সুযোগ পাইছিল ৰায়ে। ৰাষ্ট্ৰীয় কমিটীয়েও তেওঁৰ কাৰ্যকুশলতা অনুযায়ী তেওঁক দ্ৰোণাচাৰ্য বঁটাৰ বাবে নিৰ্বাচিত কৰিছিল।

নিৰ্বাচিত হোৱাৰ পিছত ৰায়ে বঁটা গ্ৰহণৰ আখৰাতো ভাগ লৈছিল। কিন্তু কালি হঠাতে হোৱা হৃদৰোগত আক্ৰান্ত হৈ ৰায়ে ৭৯ বছৰ বয়সত মৃত্যুমুখত পৰে। খেল দিৱসৰ আজিৰ সমাৰোহৰ দিনটোত উপস্থিত থকাৰ হেঁপাহ, সন্মান লাভৰ গৌৰৱ এই কাল মৃত্যুৰ বাবে অৰ্জন নহ’ল পুৰুষোত্তম ৰায়ৰ।

You might also like