নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেনেকৈ পাঠদান কৰা হ’ব উচ্চতৰ মাধ্যমিক ২য় বৰ্ষ আৰু স্নাতক ৩য় বৰ্ষৰ শিক্ষাৰ্থীক?

সংবাদমেলত কি ক'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ  ১৫ ছেপ্টেম্বৰৰ পৰা বিদ্য়ালয়সমূহত আৰম্ভ হ’ব শিক্ষাদান। শিক্ষকসকলৰ ক’ভিড টেষ্ট সম্পন্ন কৰাৰ পাছতে আৰম্ভ হ’ব শিক্ষাদান। অতি শীঘ্ৰে ছেনীটাইজ কৰা হ’ব শিক্ষানুষ্ঠানসমূহ আৰু ইয়াৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে।

১৫ ছেপ্টেম্বৰৰ পৰা স্নাতক আৰু উচ্চতৰ মাধ্যমিকৰ ২য় বৰ্ষৰ শিক্ষাৰ্থীসকলৰ পাঠদান আৰম্ভ হ’ব। ৪-৫টা গোটত ভাগ কৰি পাঠদান কৰিব লাগিব শিক্ষকসকলে। কেইবাজনো ছাত্ৰ-ছাত্ৰীক বহুৱাই পাঠদান কৰিব লাগিব শিক্ষকসকলে। পৰীক্ষামূলকভাৱে  ১৫ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ  এই পদ্ধতিটো ব্যৱহাৰ কৰিবলৈ আহ্বান জনালে শিক্ষামন্ত্ৰীগৰাকীয়ে।

You might also like