নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিম্নমানৰ ঔষধ উৎপাদন : ১৮টা ফাৰ্মা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কেন্দ্ৰীয় চৰকাৰৰ

বিশেষ বাৰ্তা, ২৮ মাৰ্চঃ ভাৰত চৰকাৰে আজি ভুৱা আৰু নিম্নমানৰ ঔষধ নিৰ্মাণৰ ১৮টা ফাৰ্মা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰে। এই কোম্পানীসমূহক উৎপাদন বন্ধ কৰিবলৈ কোৱা হৈছে। ভুৱা ঔষধ আৰু নিম্নমানৰ ঔষধ প্ৰস্তুত কৰা ফাৰ্মা কোম্পানীসমূহৰ বিৰুদ্ধে এই নিৰ্দেশ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ভাৰতৰ ড্ৰাগছ কণ্ট্ৰ’লাৰ জেনেৰেলে বহু ঔষধ কোম্পানী পৰিদৰ্শন কৰিছিল। কেন্দ্ৰীয় আৰু ৰাজ্যিক দলে ২০খন ৰাজ্যত আকস্মিক পৰিদৰ্শন কৰে আৰু তাৰ পিছত এই ব্যৱস্থা গ্ৰহণ কৰা হয়। চৰকাৰী সূত্ৰই আজি এই তথ্য দিয়ে। ভুৱা ঔষধ নিৰ্মাণৰ সৈতে জড়িত সমগ্ৰ দেশৰ ফাৰ্মা কোম্পানীসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰায় ১৫ দিন ধৰি এই অভিযান অব্যাহত আছে। এই সময়ছোৱাত হিমাচল প্ৰদেশৰ ৭০টা, উত্তৰাখণ্ডৰ ৪৫টা আৰু মধ্যপ্ৰদেশৰ ২৩টা কোম্পানীক লৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

You might also like