নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশত পুনৰ হিন্দু যুৱকক নৃশংস হত্যা, হিংসাজর্জৰ চুবুৰীয়া ৰাষ্ট্রত নিৰাপত্তাহীনতাত সংখ্যালঘু

বাংলাদেশত পুনৰ হিংসাৰ বলি হ’ল আন এজন হিন্দু যুৱক৷ উন্মত্ত জনতাই মৰিয়াই মৰিয়াই হত্যা কৰে যুৱকজনক৷ বাংলাদেশৰ যুৱ নেতা ওছমান হাদিৰ মৃত্যুৰ পিছতে চুবুৰীয়া দেশখনৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ সময়তে মৈমনসিং জিলাৰ দীপু চন্দ্র দাস নামৰ কাৰখানাৰ শ্রমিক এজনক এদল উত্তেজিত লোকে মৰিয়াই মৰিয়াই হত্যা কৰি পিছত তেওঁৰ মৃতদেহটো গছত ওলোমাই জ্বলাই দিয়াৰ দৰে ঘটনাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই পুনৰ দেশখনত আন এজন হিন্দু যুৱকে সমূহীয়া হিংসাৰ বলি হৈ মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে৷ ঘটনাটো সংঘটিত হৈছে বাংলাদেশৰ ঢাকা মণ্ডলৰ ৰাজবাৰী জিলাৰ পাংছা উপ–জিলাৰ অন্তর্গত হোছাইডাংগা পুৰণি বজাৰ এলেকাত৷ মৃত যুৱকজনৰ নাম অমৃত মণ্ডল ওৰফে সম্রাট বুলি জনা গৈছে৷

ঘটনা সন্দর্ভত আৰক্ষীয়ে দাবী কৰা মতে, চান্দা তোলাক লৈ ঘটনাটো সংঘটিত হয়৷ বুধবাৰে নিশা ১১ বজাত এই মর্মন্তুদ ঘটনাটো সংঘটিত হয়৷ যুৱকজনক মৰিয়াই মৰিয়াই হত্যা কৰাৰ কথাটো বৃহস্পতিবাৰে নিশ্চিত কৰে স্থানীয় থানাই৷ আৰক্ষীয়ে দাবী কৰা মতে, ধন দাবী আৰু বিভিন্ন অপৰাধমূলক কার্যকলাপৰ সৈতে জড়িত আছিল ২৯ বছৰীয়া এই যুৱকজন৷ বুধবাৰে নিশাৰ সেই ঘটনাটোৰ পিছতে ছেলিম শ্বেখ নামৰ অমৃতৰ এজন সহযোগীকো ধৰি উত্তেজিত জনতাই আৰক্ষীৰ হাতত গতাই দিয়ে৷ যুৱকজনৰ পৰা দুটা আগ্ণেয়াস্ত্র পোৱা গৈছে বুলিও দাবী কৰে আৰক্ষীয়ে৷

স্থানীয় থানাৰ অ’চি শ্বেইখ মইনুল ইছলামে কয় যে নিহত অমৃতৰ নামত হত্যাৰ অভিযোগসহ কেইবাটাও গোচৰ আছে৷ নিহত যুৱকজনৰ সহযোগী ছেলিমৰ পৰা এটা পিষ্টল আৰু এটা ৱান শ্বুটাৰ গানো উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে দাবী কৰে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, দলবদ্ধ হিংসাৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ পূর্বে অমৃত মণ্ডলে ধন দাবী কৰা বুলি স্থানীয় বাসিন্দাসকলে দাবী কৰে৷

আৰক্ষীৰ মতে, অমৃত মণ্ডল আছিল ‘সম্রাট বাহিনী’ নামৰ এটা স্থানীয় গোটৰ নেতা আৰু তেনেদৰেই তেওঁৰ নাম আৰক্ষীৰ নথিত লিপিবদ্ধ আছে৷ যুৱকজন আছিল হোছাইডাংগা গাঁৱৰ বাসিন্দা অক্ষয় মণ্ডলৰ পুত্র৷ আৰক্ষী সূত্রই প্রকাশ কৰা মতে, মণ্ডল আৰু তেওঁৰ সহযোগীসকলে ছাহিদুল ইছলাম নামৰ এজন স্থানীয় বাসিন্দাৰ ঘৰলৈ গৈ সেইদিনা নিশা ধন দাবী কৰিছিল আৰু পৰিয়ালটোৰ লোকসকলে চোৰ চোৰ বুলি চিঞৰ–বাখৰ কৰাত তৎক্ষণাত ওচৰ–চুবুৰীয়াই ঘেৰি ধৰি যুৱকজনক কৰায়ত্ত কৰি মাৰপিট কৰে৷ ৰাইজৰ মাৰপিটত মণ্ডল ঘটনাস্থলীতে নিহত হয় আৰু তেওঁৰ লগৰীয়াসকলে পলায়ন কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে ঘটনাটো সন্দর্ভত তদন্ত আৰম্ভ কৰিছে আৰু এই ঘটনাত জড়িত লোকসকলক চিনাক্ত কৰাৰ অভিযান আৰম্ভ কৰিছে৷

ঘটনাটোৱে অঞ্চলটোত উত্তেজনাৰ সৃষ্টি কৰিছে আৰু ভৱিষ্যতে হ’ব পৰা অস্থিৰতা ৰোধ কৰাৰ বাবে অতিৰিক্ত আৰক্ষী বাহিনী অঞ্চলটোত মোতায়েন কৰা হৈছে৷ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহম্মদ হেলালুদ্দিনে নিশ্চিত কৰিছে যে মণ্ডলৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজবাৰী সদৰ হাস্পতাললৈ প্রেৰণ কৰা হয়৷ তেওঁ লগতে কয়, ‘এইটো এটা দুঃখজনক জীৱন নাশৰ ঘটনা, কিন্তু তদন্ততহে ওলাই পৰিব অপৰাধমূলক কার্যকলাপটোৰ ধৰণ–কৰণ৷

উল্লেখ্য যে যোৱা ১৮ ডিচেম্বৰত দীপু চন্দ্র দাস নামৰ এজন যুৱকক ইছলাম সন্দর্ভত অপমানসূচক মন্তব্য কৰাৰ অভিযোগ তুলি মৈমনসিং জিলাৰ ভালুকাত এদল উন্মত্ত জনতাই মৰিয়াই মৰিয়াই হত্যা কৰি পিছত মৃতদেহটো জ্বলাই দিয়াৰ দৰে অমানৱীয় ঘটনা ঘটাৰ পিছত বাংলাদেশত এনেদৰে আন এজন হিন্দু যুৱকক দলবদ্ধভাৱে আক্রমণ কৰি হত্যা কৰা হ’ল৷

নিউজ ডেস্ক, ২৬ ডিচেম্বৰ :

You might also like