প্রতিবছৰে নিশ্চিহ্ণ হোৱাৰ পথত ৩ হাজাৰ হিমবাহ…
🔹 গোলকীয় উষ্ণতা–কার্বন নিঃসৰণৰ কু–প্রভাৱ
ক্রমবর্ধমান গোলকীয় উষ্ণতা বৃদ্ধিৰ প্রৱণতাই পৃথিৱীলৈ নমাই অনা অশনি সংকেত যেন আৰু অধিক গভীৰ হৈ পৰিছে৷ এই উষ্ণতা বৃদ্ধিৰ প্রৱণতাৰ প্রভাৱ দেখিবলৈ পোৱা গৈছে পৃথিৱীৰ বিভিন্ন প্রান্তৰ হিমবাহসমূহৰ ওপৰত৷ যোৱা দুটা দশকত পৃথিৱীৰ পৰা নিশ্চিহ্ণ হৈ গৈছে বহু হিমবাহ৷ এই প্রৱণতাক ৰোধ কৰিব নোৱাৰিলে ভৱিষ্যতে আৰু বহু হিমবাহ নিশ্চিহ্ণ হৈ যাব৷ বৰং আৰু অধিক দ্রুতগতিত কার্বন নিঃসৰণক নির্ধাৰিত সীমাৰ ভিতৰত নিয়ন্ত্রিত কৰি ৰাখিলেও এই ভৱিষ্যৎ পৰিস্থিতিক সলনি কৰিব পৰা নাযাব৷
শেহতীয়া এক গৱেষণাত এনে এটি আভাসেই লাভ কৰিছে বিজ্ঞানীসকলে৷ কার্বন নিঃসৰণ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত ক্রমশঃ ‘বৰফশূন্য’ হৈ পৰিছে পৃথিৱী৷ যোৱা ২০টা বছৰত ক্রমেও ৪ হাজাৰ হিমবাহ হেৰাই গৈছে এই পৃথিৱীৰ বুকুৰ পৰা৷ বর্তমান প্রতিবছৰে গড় হিচাপত এহেজাৰকৈ হিমবাহ গলি পানী হৈ গৈছে৷ বিজ্ঞানীসকলে আশংকা কৰিছে যে আৰু ডেৰ দশকৰ ভিতৰত হিমবাহ গলনৰ হাৰ তিনিগুণ বৃদ্ধি পাব পাৰে৷ প্রতিবছৰে গড়ে তিনি হাজাৰটাকৈ হিমবাহ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব, সেই দিনলৈ আৰু বেছি দিন নাই৷ ২০৪০ চনতে এনে এটি পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা প্রকাশ কৰিছে বিজ্ঞানীসকলে৷
ছুইজাৰলেণ্ডৰ ইটিএইচ জুৰিখ বিশ্ববিদ্যালয়ৰ গৱেষক লেণ্ডাৰ ভন ট্রিছ আৰু তেওঁৰ সহযোগীসকলে সম্প্রতি হিমবাহৰ ওপৰত গোলকীয় উষ্ণতা বৃদ্ধিৰ প্রভাৱক লৈ এটি গৱেষণা সম্পন্ন কৰিছে৷ এই গৱেষণাৰ বাবে জলবায়ু সংক্রান্তীয় অনেক মডেল তেওঁলোকে ব্যৱহাৰ কৰে৷ উষ্ণতা বৃদ্ধিৰ বিভিন্ন পর্যায়ত অহা এটা শতিকাতে পৃথিৱীৰ দুই লাখতকৈও বেছি হিমবাহৰ কি অৱস্থা হ’ব পাৰে তাক বিশ্লেষণ কৰিছে গৱেষকসকলে৷ সমগ্র বিশ্বতে উদ্যোগৰ ব্যাপক প্রসাৰ হোৱাৰ পিছৰে পৰাই উষ্ণতা বৃদ্ধিৰ প্রৱণতা দ্রুত হৈছে৷
জলবায়ু বিজ্ঞানীসকলৰ মতে, এই উদ্যোগীকৰণৰ ব্যাপক প্রসাৰ হৈছিল ১৮৫০–১৯০০ চনৰ সময়ছোৱাত৷ তাৰ পূর্বৰ সময়ছোৱাকে গোলকীয় উষ্ণতাৰ হাৰৰ এটি আদর্শ মাপকাঠী হিচাপে গণ্য কৰে জলবায়ু বিজ্ঞানীসকলে৷ সেই সময়ত গোলকীয় উষ্ণতাৰ হাৰ আছিল ১.৫–২ ডিগ্রী চেলছিয়াছ৷ এতিয়া এই হাৰ বহুখিনি বৃদ্ধি পাইছে৷ দহটা বছৰ পূর্বে ২০১৫ চনত গোলকীয় উষ্ণতাৰ মোকাবিলা কৰাৰ বাবে পেৰিছ চুক্তি স্বাক্ষৰিত হয়৷ তাতেই সিদ্ধান্ত লোৱা হয় যে গোলকীয় উষ্ণতাৰ হাৰক পুনৰ ১.৫ ডিগ্রীলৈ নমাই আনিবলৈ সচেষ্ট হ’ব বিশ্বৰ দেশসমূহ৷ সিমানখিনি সম্ভৱ নহ’লেও অন্ততঃ ২ ডিগ্রীৰ তললৈ নমাই অনাৰ চেষ্টা কৰা হ’ব৷ কিন্তু এটা দশক পাৰ হৈ যোৱাৰ পিছতো পেৰিছ চুক্তিৰ লক্ষ্য পূৰণ নহ’ল৷
সম্প্রতি গোলকীয় উষ্ণতা বৃদ্ধিয়ে যি গতিত আগবাঢ়িছে, তেনেদৰে চলি থাকিবলৈ হ’লে চলিত শতিকাতে উষ্ণতাৰ হাৰ ২.৭ ডিগ্রী চেলছিয়াছ পাবগৈ পাৰে বুলি আশংকা প্রকাশ কৰিছে বিজ্ঞানীসকলে৷ চলিত হাৰত উষ্ণতা চলি থাকিলে ২১০০ চনৰ ভিতৰত বিশ্বৰ ৭৯ শতাংশ হিমবাহ গলি পানী হৈ যাব৷ যদিহে উষ্ণতা ২ ডিগ্রীৰ তলত সীমাবদ্ধ কৰি ৰখাও হয়, তথাপি পৰিস্থিতিৰ বিশেষ পৰিৱর্তন কৰিব পৰা নাযাব৷ হিমবাহ নিশ্চিহ্ণ হৈ যোৱাৰ গতি কিছু মন্থৰহে হ’ব মাত্র৷
গৱেষকসকলে অনুমান কৰা মতে, গোলকীয় উষ্ণতা ২ ডিগ্রীৰ ভিতৰত সীমিত কৰি ৰাখিলেও পৃথিৱীৰ পৰা হেৰাই যাব ৬৩ শতাংশ হিমবাহ৷ উষ্ণতাৰ হাৰ ৪ ডিগ্রী পর্যন্ত পালেগৈ কি পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে তাকো বিশ্লেষণ কৰিছে বিজ্ঞানীসকলে৷ এইক্ষেত্রত প্রায় ‘বৰফশূন্য’ হৈ যাব পৃথিৱীখন৷ হেৰাই যাব ৯১ শতাংশ হিমবাহ৷ এই গৱেষকসকলৰ সৈতে যুক্ত হৈ আছিল আমেৰিকাৰ পেনচিলভেনিয়াৰ পিট ছ’বার্গে কার্নেগি মেল’ন বিশ্ববিদ্যালয়ৰ গৱেষক ডেভিড ৰাউনছো৷ তেওঁৰ ভাষাত– ‘বহু হিমবাহ আমি ইতিমধ্যে হেৰুৱাই পেলাইছোঁ৷ তথাপি তাৰ মাজতো অনেক হিমবাহক আমি বচাই ৰাখিবও পাৰোঁ৷’
নিউজ ডেস্ক, ২৬ ডিচেম্বৰ :