নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰ্মদাত অঘটন… পৰ্যটকবাহী ক্ৰুজ ডুবি ৯জনৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্ক, ১ মে’ : মধ্যপ্ৰদেশত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। নৰ্মদা নদীত ডুব গ’ল এখন পৰ্যটকবাহী ক্ৰুজ। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া বৰগী বান্ধত এই দুৰ্ঘটনা সংঘটিত হয়। ক্ৰুজখনত মুঠ ২৯জন লোক আছিল বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাৰ পিছত উদ্ধাৰকাৰী দলে ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিছে। অৱশ্যে নিহত লোকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।

আবেলি প্ৰায় ৫ বজাত বিশাল আৰু গভীৰ নৰ্মদা নদীত এখন ক্ৰুজত বহি জলভ্ৰমণ উপভোগ কৰি আছিল পৰ্যটকসকলে। ক্ৰুজখনত শিশু, মহিলা আৰু বয়োজ্যেষ্ঠসহ মুঠ ২৯জন লোক আছিল। হঠাৎ ধুমুহা আৰম্ভ হোৱাত ডাঙৰ ডাঙৰ ঢৌ উঠিবলৈ আৰম্ভ কৰে আৰু ক্ৰুজখন অস্বাভাৱিকভাৱে দুলিবলৈ ধৰে। তাৰ পিছতেই প্ৰচণ্ড ঢৌৱে ক্ৰুজখনত আঘাত কৰাত কাঁচ ভাঙি সেই ভঙা অংশৰে তীব্ৰগতিত পানী সোমাবলৈ আৰম্ভ কৰে।

নৈখনত ক্ৰুজখন ডুবাৰ খবৰ বনজুইৰ দৰে বিয়পি পৰাত ঘটনাস্থলীত আৰক্ষী-প্ৰশাসন আৰু এছডিআৰএফৰ দল উপস্থিত হয়। স্থানীয় ডুবাৰুৰ সহযোগত এছডিআৰএফ আৰু আৰক্ষীয়ে পানীত ডুবি নিৰুদ্দিষ্ট লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযান চলাই আছে। অভিযানকাৰী দলে ইতিমধ্যে ১৫জন লোকক পানীৰ পৰা উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰায় ৷

দুৰ্ঘটনাৰ সময়ত ক্ৰুজখনত ২৯জন লোক আছিল । ইয়াৰে ১৫জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে আৰু ৯জনৰ মৃতদেহ বৰ্তমানলৈ পোৱা হৈছে । বাকীকেইজন নিৰুদ্দেশ হৈ আছে । উদ্ধাৰ অভিযান সম্পূৰ্ণ হোৱাৰ পিছতহে মুঠ ভুক্তভোগীৰ সংখ্যা সঠিককৈ জনা যাব।

আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া হঠাতে অহা এজাক ধুমুহাৰ পিছতে এই দুৰ্ঘটনা সংঘটিত হয় ।

You might also like