নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিতৃৰ আতিশয্যই হিটলাৰক হিংস্র শাসকত পৰিণত কৰিছিল

নিয়মীয়ী বাৰ্তা ২ মাৰ্চঃ  জার্মানীৰ কুখ্যাত একনায়ক এড’ফ হিটলাৰ এজন হিংস্র ৰাষ্ট্রনেতাত পৰিণত হোৱাৰ মূলতে আছিল পিতৃৰ আতিশয্য৷ শেহতীয়াকৈ জার্মানীৰ এগৰাকী ইতিহাসবিদে কুখ্যাত শাসকগৰাকীৰ পিতৃ এলইছ হিটলাৰৰ কোনেও পূর্বে নেদেখা ৩১খন পত্রৰ ওপৰত গৱেষণা চলাই এই সত্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে৷ হিটলাৰক শৈশৱৰ পৰাই পিতৃয়ে হিংস্র শাৰীৰিক আতিশয্য চলাইছিল৷ আনকি পিতৃয়ে সদায় আন সকলো মানুহতকৈ নিজকে উচ্চ জ্ঞান কৰিছিল৷

লিঞ্জ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰমণ ছেণ্ডগ্রুবাৰে হিটলাৰৰ পিতৃক লৈ লিখি উলিয়াইছে এখন নতুন গ্রন্থ৷ এই গ্রন্থখনৰ শিৰোনাম হৈছে ‘হিটলার্ছ ফাদাৰ: হাউ দ্য ছন বিকেম এ ডিক্টেটৰ’৷ গ্রন্থখনত উল্লেখ কৰা অনুসৰি অষ্ট্রিয়াত জন্মগ্রহণ কৰা এলইছ হিটলাৰে ১৮৯৫ চনত এই পত্রসমূহ লিখিছিল এজন লোকলৈ৷ এই লোকজনে এলইছ হিটলাৰৰ ওচৰত বিক্রী কৰিছিল এখন কৃষি পাম৷ পত্রবোৰ উদ্ধাৰ হোৱাৰ পিছত হিটলাৰ কেনেদৰে কুখ্যাত শাসক হোৱাৰ অন্তৰালত পিতৃৰ অৱদান আছিল সেই তথ্য স্পষ্ট হৈ পৰিছে৷

You might also like