নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাগ্রামা মহিলাৰীৰ যাদুৰ লাঠী এতিয়া আৰু নচলে

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ মিত্রজোঁট ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ অংশীদাৰ হোৱা বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীক এইবাৰ তীক্ষ্ণ কটাক্ষ কৰিছে বিটিচিৰ মুখ্য কার্যবাহী সদস্য তথা ইউ পি পি এলৰ মুৰব্বী প্রমোদ বড়োৱে৷ আজি কোকৰাঝাৰত বি পি এফৰ সভাপতি মহিলাৰীক চোকা সমালোচনা কৰি বিটিচিৰ মুখ্য কার্যবাহী সদস্য বড়োৱে কয়– ‘হাগ্রামা মহিলাৰীৰ যাদুৰ লাঠী ছিগি গ’ল৷ আগতে এনে এটা সময় আছিল, তেতিয়া হাগ্রামা মহিলাৰীয়ে কোৱাটোৱে হৈছিল৷ তেওঁ কথা কৈ কৈ ইমান ওপৰলৈ গৈ পালে যে পিছুৱাই আহিব নাজানিলে৷ জীয়াই থাকিবৰ কাৰণে যিখিনি প্রয়োজন, সেইখিনি ভগৱানে দিয়ে৷ যদি ইয়াতকৈ বেছি বিচাৰে, ভগৱানে বিচাৰ কৰে৷ আজি হাগ্রামা মহিলাৰীৰ ওপৰতো ভগৱানে বিচাৰ কৰিছে৷ হাগ্রামা মহিলাৰীয়ে ১৭খন আসন পায়ো বিটিচিত চৰকাৰ গঠন কৰিব নোৱাৰিলে৷ এতিয়াও তেওঁৰ লগত ১৬জন পাৰিষদ আছে৷ কিন্তু বাকী দলবোৰেহে মিলিজুলি চৰকাৰ গঠন কৰিলে৷

হাগ্রামা মহিলাৰীয়ে বুজি পোৱাটো উচিত– তেওঁৰ যাদুৰ লাঠী আৰু নচলে৷ আগতে তেওঁ ধেমাজি, গোলাঘাটলৈ গৈ ৰাজনীতি কৰিছিল৷ পিছে সেই কাম আৰু কৰিব নোৱাৰে৷ হাগ্রামা মহিলাৰী য’তেই যাব, সেই দলেই হাৰিব৷ তেওঁৰ সাংগোপাংগসকল বর্তমান নাই৷’ এই প্রসংগতে তেওঁ কংগ্রেছ–এ আই ইউ ডি এফকো আক্রমণৰ লক্ষ্য কৰি লয়৷ মিত্রজোঁটৰ অন্যতম অংশীদাৰ ইউ পি পি এলৰ মুৰব্বীজনে পুনৰ কয় যে হাগ্রামা মহিলাৰীৰ বি পি এফ ইমান দিনে মিত্রজোঁটত থকাৰ কাৰণেহে কংগ্রেছ–এ আই ইউ ডি এফকে দুর্নীতিৰ কথা কৈ আহিছিল নেকি? বি পি এফৰ বিধায়ক নির্বাচিত হোৱাটো বি টি আৰৰ কোনো জনতাই নিবিচাৰে৷ সেই বাবেই হাগ্রামা মহিলাৰীয়ে কাক পাম কাক নাপাম ভাবি মহাজোঁটবন্ধনৰ কাৰণে বিভিন্ন দলৰ সহায় বিচাৰি ফুৰিছে৷ একমাত্র ধর্মীয় সংখ্যালঘুৰ ভোটৰ আশাতেই হাগ্রামা মহিলাৰীয়ে এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰিছে৷ কিন্তু ধর্মীয় সংখ্যালঘুসকলৰ চিন্তাধাৰা এতিয়া বহু সলনি হ’ল৷ তেওঁলোকে মূল্যবোধৰ ৰাজনীতি কৰাটো বিচাৰিছে৷ বন্দুক–বাৰুদেৰে ভীতি প্রদর্শন কৰি তথা ডাবি–ধমকি দি জাতি–ধর্মৰ ৰাজনীতি কৰা বি পি এফক এইবাৰ ৰাইজে প্রত্যাখ্যান কৰাটো খাটাং বুলি তেওঁ দাবী কৰে৷

বিটিচিৰ মুখ্য কার্যবাহী সদস্য বড়োৱে পুনৰ কয় যে বি টি আৰ অঞ্চলৰ বড়ো–বড়ো বুলি কোনো কথা নাই, সকলোৱে উন্নয়ন বিচাৰিছে৷ সকলোকে শান্তিত ৰখা, ৰাইজক এশ শতাংশ নিৰাপত্তা দিয়া, সমমর্যাদা, সম–ধিকাৰ দি সকলোকে আগুৱাই লৈ যোৱাটোৱে ইউ পি পি এলৰ প্রথম আৰু প্রধান লক্ষ্য৷ গতিকে হাগ্রামা মহিলাৰী যি জোঁটবন্ধনতে যোগদান নকৰক কিয়, এতিয়া আৰু তেওঁৰ কাম নাই৷ বিটিচিত যিহেতু ইউ পি পি এল, বিজেপি, গণ সুৰক্ষা পার্টীৰ মিত্রজেজাটৰ চৰকাৰ চলি আছে, সেয়ে হাগ্রামা মহিলাৰীৰ আগৰ অংক নিমিলে আৰু তেওঁৰ কথা শুনিবলৈও মানুহৰ সময় নাই৷ এনেও কালি জ্যোতিষীয়ে হাগ্রামা মহিলাৰীৰ বেয়া দিন আছে বুলি কৈছে৷ তেওঁৰ টকা–পইচা থাকিব পাৰে৷ কিন্তু যাদুৰ লাঠী আৰু নাই৷ আগতে শুনিছিলোঁ যে সিংহৰ দাঁত ভাগিলেও সিংহটো আগৰ দৰেই থাকিব বিচাৰে৷ তেনেকুৱা অৱস্থা হাগ্রামা মহিলাৰীৰো হৈছে৷ ইপিনে নির্বাচনৰ বাবে ইতিমধ্যে ইউ পি পি এল আৰু বিজেপিৰ মাজত আসনবুজাবুজিক লৈ আলোচনা চলি আছে বুলি উল্লেখ কৰি তেওঁ কয়– আমি যেনেদৰে বিচাৰিছেছা, তেনেদৰেই আসন বুজাবুজি হ’ব আৰু তেনেদৰেই প্রার্থীসকলক বিজয়ী কৰাৰ দায়িত্ব আমাৰ৷ এইবাৰ নির্বাচনত দুর্নীতিগ্রস্ত দলসমূহ একত্রিত হোৱাৰ কাৰণে ইউ পি পি এল, বিজেপিৰ চিন্তা নাইবুলি উল্লেখ কৰি তেওঁ কয় যে দুর্নীতিৰ বিৰুদ্ধে ৰাইজ ওলাই আহি ইউ পি পি এল দলক ভোট দিছে৷ বি পি এফে মহাজোঁটবন্ধনত চামিল হ’লেও চৰকাৰ গঠন কৰিব নোৱাৰে৷ ইয়াৰ বিপৰীতে বিজেপি, ইউ পি পি এল আৰু অগপৰ মিত্রজোঁটেই অসমত পুনৰ চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে বিটিচিৰ মুখ্য কার্যবাহী সদস্যজনে৷

You might also like