নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুমৰাহে খেলিলেই পৰাস্ত হয় ভাৰত

🔹 শুভমনহঁতক মনত পেলাই দিলে প্রাক্তন ইংৰাজ ক্রিকেটাৰে

নিউজ ডেস্ক, ১৮ জুলাই : ইংলেণ্ড শৃংখলাৰ লীডছ আৰু লর্ডছত পৰাজিত হৈছে ভাৰত৷ দুয়োখন টেষ্টতে খেলিছে যশপ্রীত বুমৰাহে৷ কিন্তু দলৰ শ্রেষ্ঠ বলাৰগৰাকী অবিহনে এজবাষ্টনত বিজয়ী হৈছে ভাৰত৷ ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ ডেভিদ লয়ডে এই কথা মনত পেলাই দি কৈছে যে বুমৰাহে খেলিলেই ভাৰত হাৰে৷

এটা সাক্ষাৎকাৰত লয়ডে কয়– বুমৰাহ অবিহনে এজবাষ্টনত জয়লাভ কৰিছে ভাৰতে৷ বহুতৰে মুখত শুনিছোঁ- বুমৰাহে খেলিলেই হেনো ভাৰতে বেছি মেচত পৰাজিত হয়৷ তেওঁ নেখেলিলে কমকৈ হাৰে৷ অথচ তেওঁলোকেই বুমৰাহক বিশ্বশ্রেষ্ঠ বলাৰ বুলি কয়৷ নিঃসন্দেহে বুমৰাহৰ বলিং একচন অন্য ধৰণৰ৷ খেলুৱৈজন খুব ভাল৷ সেইবাবে বুমৰাহক লৈ এইবাৰ ভাৰতে এটা সিদ্ধান্ত লোৱাৰ সময় আহিছে বুলি ধাৰণা কৰে লয়ডে৷

তেওঁৰ মতে, দলটোৰ প্রশিক্ষক গৌতম গম্ভীৰে কৈছে যে পাঁচখন মেচৰ তিনিখনতে খেলিব বুমৰাহে৷ আৰু মাত্র দুখন মেচ খেলিবলৈ বাকী আছে৷ যদি গম্ভীৰৰ কথা সঁচা হয় তেনেহ’লে মানচেষ্টাৰত বুমৰাহে খেলিব৷ চতুর্থখন মেচত ভাৰতে সমতা স্থাপন কৰিব পাৰিলেহে পঞ্চমখন মেচৰ গুৰুত্ব থাকিব৷ সেইখন মেচত ভাৰত বিজয়ী হ’লে অভেলত বুমৰাহক খেলোৱাৰ চেষ্টা চলিব৷

You might also like