এবছৰত প্ৰায় ১০ হাজাৰ কোটি টকা উপাৰ্জন বিচিচিআইৰ
🔹 ‘সোণৰ কণী পৰা হাঁহ’ আইপিএলৰ পৰা কিমান ?
নিউজ ডেস্ক, ১৮ জুলাই : বিশ্ব ক্ৰিকেটৰ সবাতোকৈা ধনী ক্ৰিকেট ব’ৰ্ড ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ আয় প্ৰতি বছৰে বৃদ্ধি পাই আহিছে। ২০২৩-২৪ বিত্তীয় বৰ্ষও ইয়াৰ ব্যতিক্ৰম নাছিল। জনা যায় যে ২০২৩-২৪ বিত্তীয় বৰ্ষত বিচিচিআয়ে মুঠ ৯,৭৪১.৭০ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰে ৫৯ শতাংশ আহিছে আই পি এলৰ পৰা।
২০০৮ চনত আৰম্ভ হৈছিল আই পি এল। য’ৰ পৰা ব’ৰ্ডৰ আয়ৰ এটা ডাঙৰ অংশ আহে। জানিব পৰা মতে, ২০২৩-২৪ বিত্তীয় বৰ্ষত আই পি এলৰ পৰা ব’ৰ্ডে ৫,৬৭১ কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ উপৰি ভাৰতীয় মেচসমূহৰ মিডিয়া ৰাইটৰ পৰা ৩৬১ কোটি টকা উপাৰ্জন কৰিছে। তদুপৰি মহিলাৰ আই পি এলৰ পৰাও বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিছে ব’ৰ্ডে।
ব্যৱসায়িক পৰিকল্পনাকাৰী লয়ড মেথিউছে কয়- ‘আই পি এল হৈছে সোণৰ কণী পৰা হাঁহ। আই পি এলৰ ১০০ শতাংশ মালিকীস্বত্ব বি চি চি আইৰ হাতত আছে। এই প্ৰতিযোগিতাখনৰ মিডিয়া স্বত্বও প্ৰতি বছৰে বৃদ্ধি পাই আহিছে। ৰঞ্জি ট্ৰফী আৰু অনুৰূপ প্ৰতিযোগিতাৰ খেলুৱৈসকলেও ইয়াৰ সুবিধা লাভ কৰে। আই পি এলৰ আয় আৰু বৃদ্ধি পাব।’
বিশেষজ্ঞসকলৰ মতে, ব’ৰ্ডৰ হাতত আছে প্ৰায় ৩০ হাজাৰ কোটি টকা। মুঠতে প্ৰায় ১০০০ কোটি টকা কেৱল সুতৰ পৰাই আহে। তদুপৰি ব’ৰ্ডৰ আয় প্ৰতি বছৰে ১০-১২ শতাংশ হাৰত বৃদ্ধি পাইছে। স্পনছ’ৰ, মিডিয়া স্বত্ব আৰু মেচৰ দিনৰ আয়ৰ পৰা ব’ৰ্ড লাভৱান হয়। আনকি আইচিচিও কেতিয়াবা আৰ্থিক কাৰণত ভাৰতীয় ব’ৰ্ডৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে।