নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপত আজি চিৰবৈৰী ভাৰত-পাকিস্তান

বিশেষ বাৰ্তা, ২৮ আগষ্টঃ ৰোহিত শৰ্মাই নেতৃত্ব লোৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে ৰোহিতৰ নেতৃত্বত অৱতীৰ্ণ কোনো মেগা ইভেণ্টত। শক্তিশালী বেটিং লাইনআপেৰে আজি এছিয়া কাপত অৱতীৰ্ণ হব টীম ইণ্ডিয়া। এছিয়া কাপত আজি ১৫সংখ্যকবাৰৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত মুখামুখি হ’ব। ১৪খন মেচত ভাৰতে ৮খন আৰু পাকিস্তানে ৫খন মেচত জয়লাভ কৰিছিল। এখন মেচ ফলাফলহীন। এছিয়া কাপ কালি আফগানিস্তান আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত খেলখনৰ জৰিয়তে আৰম্ভ হয়। মেচখনত আফগানিস্তানে জয়লাভ কৰে। আনহাতে আজি এছিয়া কাপত আজি মুখামুখি হব চিৰবৈৰী ভাৰত আৰু পাকিস্তান। সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হব খেলখন। খেলখন ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

পিটচ আৰু বতৰৰ প্ৰতিবেদনঃ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত এতিয়ালৈকে সন্ধিয়াৰ আটাইকেইখন মেচতে পিছলৈ বেটিং কৰা দলটোৱে বেছিভাগ সময়তে সুবিধা লাভ কৰিছে। ৰাতি ইয়াত পাতল বৰষুণ হয়, যাৰ ফলত বলাৰসকলৰ বাবে অলপ অসুবিধাৰ সৃষ্টি হয়। সামগ্ৰিকভাৱে ইয়াৰ পিটচে বলাৰ আৰু বেটছমেনক সমানে সহায় কৰে। আৰম্ভণিতে দ্ৰুত বলাৰসকলে আৰু তাৰ পিছত স্পিনাৰসকলে সহায় পায় আৰু দ্বিতীয় ইনিংছত বেটিং কৰাটো সহজ হয়। টছত জয়ী হোৱা দলটোৱে ইয়াত প্ৰথমে বলিং কৰাটো পছন্দ কৰে। বতৰৰ কথা ক’বলৈ গ’লে এই মুহূৰ্তত ডুবাইত বৰ গৰম। ইয়াৰ তাপমাত্ৰা সন্ধিয়াও প্ৰায় ৩৫ ডিগ্ৰীৰ তাপমাত্ৰা থাকিব।

You might also like