নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান অইল ফিল্ড হোটেলত নতুন অসমীয়া চলচ্চিত্ৰ “লালেটাপু ১৯৮৩”ৰ ট্ৰেইলাৰ-পোষ্টাৰ মুকলি

নিয়মীয়া বাৰ্তা, ২৭ আগষ্ট —– “সেইবোৰ ছবিয়েই প্ৰকৃতাৰ্থত ভাল ছবি যিবোৰ ছবিত উপাদান থাকে। যেতিয়া এখন ছবি চাই ঘৰলৈ উভতাৰ সময়তো ছবিখনে মনত খুন্দিয়াই থাকে, ছবিখনৰ বিষয়ে ভাবিবলৈ মন যায়, তেনে এখন ছবিয়েই “লালেটাপু” । ছবিখন কাৰিকৰীভাৱে নিখুঁত ৰূপত উপস্থাপন কৰিবলৈ পৰিচালকে যথেষ্ট চেষ্টা কৰিছে । ইয়াৰ লগত জড়িত প্ৰতিগৰাকী কলা-কুশলীয়ে লালেটাপুক সফল বাণিজ্যিক ছবি হিচাপে পৰিণত কৰাত সাংঘাতিক কষ্ট কৰিছে । লালেটাপুত সাংঘাতিক নাচ গান নাই যদিও দৰ্শকে নিশ্চিতভাৱে মনোৰঞ্জন পাব ।”— অতি শীঘ্ৰে মুক্তি পাবলৈ গৈ থকা অসমীয়া ছবি “লালেটাপু”ৰ ট্ৰেইলাৰ আৰু প’ষ্টাৰ মুকলি অনুষ্ঠানত জনপ্ৰিয় অভিনেত্ৰী তথা ৰাষ্ট্ৰীয় বটাঁপ্ৰাপ্ত আইমী বৰুৱাই এইদৰে মন্তব্য কৰে। দুটা বছৰ ধৰি ক’ভিড মহামাৰীয়ে অসমীয়া চিনেমা উদ্যোগটোক ককাঁল বেকা কৰি তুলিলেও বাণিজ্যিক ভাৱে যথেষ্ট নিৰাশাজনক মূহুৰ্ততে অসমীয়া চলচ্চিত্ৰ জগতলৈ এক সুখৱৰ কঢ়িয়াই এই উদ্যোগটোৰ লগত জড়িত সমূহ কলা-কুশলীৰ মনত এক আশাৰ সঞ্চাৰ কৰিছে লালেটাপুৱে । দুলীয়াজানৰ নৱনিৰ্মিত বিলাসী হোটেল “অইল ফিল্ড”ত ৰাজকীয় আতিথ্যৰে আনুষ্ঠানিকভাৱে কালি সন্ধিয়া “লালেটাপু ১৯৮৩” ছবিখনৰ ট্ৰেইলাৰ আৰু প’ষ্টাৰ মুকলি কৰা হয়। ইয়াৰ মুকলি অনুষ্ঠানত আন শিল্পীসকলৰ সৈতে অংশগ্ৰহণ কৰি পৰিচালক আদিত্যম শইকীয়াই ছবিখনৰ সন্দৰ্ভত সাংবাদিকৰ সন্মুখত কয় যে– “”১৯৮৩ চনৰ ২০ মাৰ্চৰ নিশা অসমৰ ব্ৰহ্মপুত্ৰৰ পাৰত সংঘটিত হোৱা লালেটাপুৰ যুদ্ধই আজিও অভিশপ্ত কৰি ৰাখিছে লালেটাপুক। ৮০ দশকত অসমলৈ আগমন ঘটা বহিৰাগত লোকসকলে থলুৱা অসমীয়া মানুহৰ জীৱন প্ৰণালী কেনেকৈ সলনি কৰি থৈ গ’ল, অসমীয়া চহা জীৱন কেনেকৈ ধ্বংস কৰিলে তাৰেই এক অন্যতম সাক্ষী লালেটাপু। ১৯৮৩ চনৰ ২০ মাৰ্চত লালেটাপুত ভূপেন ডেকা, বলীন নাথ, প্ৰসন্ন বৰুৱা, বীৰেণ মিশ্ৰ, শ্যাম কুণ্ডু, জয়ৰাম বৰুৱা, পলাশ ৰাজবংশী আৰু বল্লভ নাথ নামৰ আঠগৰাকী ব্যক্তি শ্বহীদ হ’ল। কিন্ত ভয়ংকৰ সংগ্ৰামৰ পৰিণতিতো লালেটাপু বহিৰাগতৰ হাতৰ পৰা মুক্ত নহ’ল। তেনে এক সত্যৰ ঘটনাৰ আধাৰত নিৰ্মিত ছবি হৈছে “লালেটাপু ১৯৮৩” ।”” বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালক আদিত্যম শইকীয়াক সহযোগ কৰিছে মৃণাল ডেকা আৰু বিবেক বৰাই । ছবিখনৰ মুখ্য সহ প্ৰযোজক ধনজিৎ দাস (ডি. ডি.‌চি.)। চিত্ৰগ্ৰহণ কৰিছে কৃষ্ণ শ্বাহে। শব্দ সম্পাদনা আৰু সংমিশ্ৰণ কৰিছে বলিউডত প্ৰতিষ্ঠিত অসমীয়া সন্তান অমৃত প্ৰীতমে। আৱহ সংগীতো কৰিছে অমৃত প্ৰীতমে। সম্পাদনা কৰিছে ৰণ্টু চেতিয়াই। “লালেটাপু ১৯৮৩”ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আইমী বৰুৱা, গুঞ্জন ভৰদ্বাজ আৰু ৰিম্পী দাস, সহশিল্পীৰ চৰিত্ৰত বিবেক বৰা, কল্পনা কলিতা, ভগীৰথী, এলিষ্মিতাকে আদি কৰি বহুতো ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে। ছবিখনৰ একমাত্ৰ সংগীতত কন্ঠদান কৰিছে জনপ্ৰিয় কন্ঠশিল্পী ৰাকেশ ৰিয়ানে । অহা ২৫ নৱেম্বৰত ছবিঘৰত মুক্তি পাবলগীয়া কথাছবিখনে দৰ্শকৰ বিপুল সহাঁৰি লাভ কৰি চলচ্ছিত্ৰ মহোৎসৱতো অংশগ্ৰহণেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভুমুকি মৰাৰ সম্ভাৱনা আছে । 

প্ৰেৰক কৃষ্ণা গগৈ

You might also like