নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয়-ৰুছ সেনাই প্রয়োজনত ব্যৱহাৰ কৰিব পাৰিব পৰস্পৰৰ ভূখণ্ড

ডিজিটেল ডেস্ক, ১৯ এপ্রিল : কেৱল যৌথ উদ্যোগতেই অস্ত্র তথা সামৰিক সৰঞ্জাম নির্মাণ অথবা প্রযুক্তি হস্তান্তৰেই নহয়, সম্ভাব্য সংঘাতজনিত পৰিস্থিতিত ভাৰত আৰু ৰাছিয়াই ইখন দেশে সিখন দেশৰ ভূ–খণ্ড তথা সামৰিক পৰিকাঠামোও ব্যৱহাৰ কৰিব পাৰিব৷

যোৱা বছৰৰ ফেব্রুৱাৰী মাহত স্বাক্ষৰ হোৱা দ্বিপাক্ষিক প্রতিৰক্ষা সহযোগিতা চুক্তিত এই বিষয়টো অন্তর্ভুক্ত কৰা হৈছে বুলি জনাইছে ৰাছিয়ান সংবাদ সংস্থাই৷ প্রকাশিত প্রতিবেদনত দাবী কৰা হৈছে যে ৰাছিয়া আৰু ভাৰতৰ মাজত সেনা কর্মী তথা সামৰিক সৰঞ্জামৰ লগতে জাহাজ তথা যুদ্ধ বিমান পৰস্পৰে পৰস্পৰৰ ভূ–খণ্ডলৈ পঠোৱাৰ পদ্ধতি সম্পর্কীয় চুক্তিৰ চর্তাৱলী শুকুৰবাৰে চৰকাৰীভাৱে প্রকাশ কৰা হৈছে৷

ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ চৰকাৰখনে জনাইছে যে যুটীয়া অনুশীলন, প্রশিক্ষণ, মানৱীয় সহায়তা প্রদান, প্রাকৃতিক দুর্যোগ, মানৱসৃষ্ট বিপর্যয়ৰ মোকাবিলা আৰু পাৰস্পৰিক সন্মতিত অন্যান্য ক্ষেত্রতো পৰস্পৰৰ সামৰিক পৰিকাঠামো ব্যৱহাৰ কৰা হ’ব৷ এই চুক্তিত দুয়োখন দেশৰ আকাশ সীমাৰ পাৰস্পৰিক ব্যৱহাৰ তথা ৰাছিয়া আৰু ভাৰতীয় যুদ্ধ জাহাজৰ পৰস্পৰৰ বন্দৰত প্রৱেশৰ বিষয়টোও নিশ্চিত কৰা হৈছে৷

You might also like