আজি ২০ এপ্রিল, ব’হাগ মাহৰ ৬ তাৰিখ
সোমবাৰ : তিথি–শুক্লা তৃতীয়া, নক্ষত্র : অশ্বিনী, যাত্রা : নাই
মেষ : আজি চাকৰিয়ালসকলৰ দিনটো শুভ৷ বিদ্যাত মধ্যম ফল৷ ব্যৱসায়ত উন্নতি বৃদ্ধিৰ যোগ৷ যান–বাহন ক্রয় কৰাৰ যোগ৷ প্রেমত ভুল বুজাবুজি৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷
বৃষ : আজি ৰাজনৈতিক ক্ষেত্রত জড়িতসকলৰ মানসিক অশান্তিৰ সৃষ্টি হ’ব৷ পাবলগীয়া ধন ঘূৰাই পাব৷ ঘৰুৱা দিশত শুভ৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫৷
মিথুন : আজি ব্যৱসায়ত সমস্যাই দেখা দিব পাৰে৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ ভ্রমণত শুভ৷ খৰচৰ মাত্রা বৃদ্ধি পাব৷ প্রেমত বাধা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
কর্কট : আজি দুষ্ট মহিলাৰ পৰা সাৱধান, বদনাম হ’ব পাৰে৷ হূদৰোগীসকলে কষ্ট পাব পাৰে৷ দূৰ ভ্রমণ নকৰিব৷ মাতৃৰ শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯৷
সিংহ : আজি চাকৰিয়ালসকল সাৱধান হ’ব৷ পাৰিবাৰিক দিশত মতবিৰোধ হ’ব পাৰে৷ শৰীৰত আঘাত পাব পাৰে৷ প্রেমত আনন্দ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১৷
কন্যা : আজি ব্যৱসায়ত সমস্যা আহিব৷ পুৰণা বন্ধুক লগ পাব৷ সামাজিক দিশত ব্যস্ততা বৃদ্ধি৷ প্রেমত কষ্ট৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৬৷
তুলা : আজি মাতৃৰ শৰীৰক লৈ চিন্তা৷ বিদ্যাত মধ্যম৷ দাম্পত্যত শুভ৷ ব্যৱসায়ত খৰচ বাঢ়িব৷ প্রেমত সন্দেহ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৮৷
বৃশ্চিক : আজি বন্ধুৰ পৰা সহায় পাব৷ কিবা মূল্যৱান বস্তু ঘূৰাই পাব৷ সন্তানৰ বাবে চিন্তিত হ’ব৷ ব্যৱসায়ত মধ্যম ফল৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷
ধনু : আজি পৰিয়ালৰ ক্ষেত্রত শুভ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰিব৷ সন্তানৰ প্রতি লক্ষ্য ৰাখিব৷ ভ্রমণত শুভ৷ প্রেমত কষ্ট৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫৷
মকৰ : আজি দিনটো শুভ৷ পাৰিবাৰিক সুখ–শান্তি বৃদ্ধি পাব৷ বিদ্যার্থীয়ে পঢ়া–শুনাত মনোযোগ দিয়ক৷ যান–বাহনৰ পৰা সাৱধান৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ২৷
কুম্ভ : আজি বিভিন্ন ধৰণৰ দুর্ঘটনা হোৱাৰ সম্ভাৱনা৷ শত্রুৰ সংখ্যা বৃদ্ধি৷ দূৰ ভ্রমণ নকৰিব৷ প্রেমত শুভ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ১৷
মীন : আজি কোনো নতুন সংবাদে মনটোত শান্তি দিব৷ শিক্ষাৰ ক্ষেত্রত অশুভ৷ বন্ধুবর্গৰ পৰা দূৰত্ব বজাই ৰাখিব৷ প্রেমত শুভ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৪৷