চিকেন নেকক সামৰি আধুনিক সুৰক্ষা বলয় ভাৰতীয় সেনা বাহিনীৰ
🔹 সীমান্তৰ ৭৫ শতাংশ এলেকাত নতুন ডিজাইনৰ ফেঞ্চিং নির্মাণ
🔹 ঢাল হিচাপে ৰখা হৈছে এছ–৪০০ ডিফেঞ্চ ছিষ্টেম
নিউজ ডেস্ক, ১০ জানুৱাৰী : চিকেন নেক বা শিলিগুৰি কৰিড’ৰক সামৰি অত্যাধুনিক সুৰক্ষা বলয় গঢ়ি তুলিছে ভাৰতীয় সেনা বাহিনীয়ে৷ শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্র বাংলাদেশে গ্রহণ কৰা ভাৰতবিৰোধী স্থিতি আৰু চিকেন নেকক লৈ কৰি থকা মন্তব্যৰ পৰিপ্রেক্ষিতত ভাৰতে অঞ্চলটোত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে৷ শিলিগুৰি সীমান্তত অত্যাধুনিক ফেঞ্চিং বহুওৱা হৈছে৷
জানিব পৰা মতে, ভাৰত-বাংলা সীমান্তৰ ৭৫ শতাংশ এলেকাত এই নতুন বেৰ দিয়া হৈছে৷ কেৱল সেয়াই নহয়, আধুনিক এই বেৰাৰ সৈতে যুক্ত কৰা হৈছে নিৰীক্ষণকাৰী শক্তিশালী কেমেৰা আৰু উন্নত এৰিয়া ডমিনেচন ব্যৱস্থা৷ ফলত এতিয়াৰে পৰা সীমান্তত গছৰ পাত এটা পৰিলেও সীমান্তৰক্ষী বাহিনী অর্থাৎ বিএছএফৰ নজৰত ধৰা পৰি যাব৷ তাৰ লগতে আত্মৰক্ষাৰ বাবে ঢাল হিচাপে ৰখা হৈছে এছ–৪০০ ডিফেঞ্চ ছিষ্টেম৷ ৰাছিয়াৰ পৰা কিনা ছার্ফেচ–২ এয়াৰ মিছাইল সীমান্তত সাজু কৰি ৰখা হৈছে৷
চোৰাংচোৱা সূত্রৰ পৰা জানিব পৰা মতে, বাংলাদেশৰ সাম্প্রতিক আভ্যন্তৰীণ অস্থিৰতাৰ ফলত ভাৰত–বাংলা সীমান্তত সর্বোচ্চ সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হৈছে৷ বিশেষকৈ শিলিগুৰি কৰিড’ৰ এলেকাৰ নিৰাপত্তা ব্যৱস্থাৰ আধুনিকীকৰণৰ কাম এতিয়া অন্তিম পর্যায়ত৷ প্রায় ৭৫ শতাংশ সীমান্ত এলেকাজুৰি নতুন ডিজাইনৰ ফেঞ্চিং বহুওৱা হৈছে৷
প্রায় ১২ ফুট ওখ এই আধুনিক ফেঞ্চিঙৰ লগত যুক্ত কৰা হৈছে শক্তিশালী নিৰীক্ষণকাৰী কেমেৰা আৰু উন্নত এৰিয়া ডমিনেচন ব্যৱস্থা, যাতে সীমান্তৰ প্রতিটো পৰিঘটনা ৰিয়েল টাইমত নিৰীক্ষণত ৰাখিব পৰা যায়৷ এই বেৰা এণ্টি কাঁটাৰ আৰু এণ্টি ক্লাইম্ব৷ সম্পূর্ণ ব্যৱস্থাৰ দায়িত্বত আছে বিএছএফ৷ অস্থিৰতাৰ প্রভাৱ প্রতিহত কৰাৰ বাবেই সীমান্তত এই আধুনিকীকৰণ৷ তদুপৰি নিৰাপত্তাজনিত কাৰণত গুৰুত্বপূর্ণ বুলি বিবেচিত ৫খন ৰাজ্যৰ সৈতে বাংলাদেশৰ আন্তঃৰাষ্ট্রীয় সীমান্ত আছে ৪,০৯৬ কিলোমিটাৰজুৰি৷ তাৰ ভিতৰত পশ্চিমবংগত আছে ২,২১৭ কিলোমিটাৰ সীমান্ত৷ ইয়াতেই নতুন ডিজাইনৰ ফেঞ্চিং বহুওৱা হৈছে৷
সীমান্তত অনুপ্রৱেশ, চোৰাং কাৰবাৰ আদিৰ প্রতি লক্ষ্য ৰাখি ভাৰত–বাংলাদেশ সীমান্তত ৩৬০ ডিগ্রী নিৰাপত্তাৰ বাবে অতিৰিক্ত ৮,৬৬০ কোটি টকা ব্যয় কৰি দুটা অতিৰিক্ত আকাশ এডভাঞ্চ মিছাইল ছিষ্টেম আৰু ভৈৰৱ বেটেলিয়নক মোতায়েন কৰা হৈছে৷ আত্মৰক্ষাৰ বাবে ঢাল হিচাপে ৰখা হৈছে এছ–৪০০ ডিফেঞ্চ ছিষ্টেম৷ ৰাছিয়াৰ পৰা কিনা ছার্ফেচ–২ এয়াৰ মিছাইলো চিকেন নেকৰ সুৰক্ষাৰ বাবে সাজু কৰি ৰখা হৈছে বুলি জানিব পৰা গৈছে৷