মোদীয়ে ফোন নকৰা বাবেই নহ’ল ভাৰত–মার্কিন বাণিজ্য চুক্তি
নিউজ ডেস্ক, ১০ জানুৱাৰী : কেৱল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এটা ফোন নকৰা বাবেই ভাৰতৰ ওপৰত আৰোপ কৰা হৈছে বৃহৎ মার্কিন শুল্কৰ বোজা৷ –এনে এটি দাবী কৰিছে মার্কিন বাণিজ্য সচিব হাৱার্ড লুটনিকে৷ এটা পডকাষ্টত তেওঁ কয় যে ভাৰত–মার্কিন বাণিজ্য চুক্তি চূড়ান্ত কৰাৰ অন্যতম চর্ত আছিল ট্রাম্পক এটা ফোন কৰিব মোদীয়ে৷ কিন্তু সেই ফোনটো নাহিল৷ বাণিজ্য চুক্তি নহ’ল৷ তাৰ পৰিৱর্তে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিলে আমেৰিকাই৷
পডকাষ্টত আলোচনাৰ সময়ত ভাৰত–মার্কিন বাণিজ্যিক সম্পর্কক লৈ মুখ নুখুলিলে লুটনিকে৷ তেওঁৰ ভাষাত দুয়োখন দেশৰ মাজৰ বাণিজ্য চুক্তি প্রায় চূড়ান্ত হৈয়ে গৈছিল৷ কিন্তু চুক্তিত ছীল–মোহৰ মৰাৰ বাবে প্রয়োজন আছিল এটা মাত্র বিষয়ৰ৷ সেয়া হ’ল মোদীয়ে ট্রাম্পক ফোন কৰিব লাগিব৷ ট্রাম্পৰ ওচৰলৈ মোদীৰ ফোন গ’লেই চুক্তি চূড়ান্ত হ’ব৷ এনে এটি চর্ত ৰখা হৈছিল৷ কিন্তু ভাৰতীয় বিষয়াবর্গই এই চর্ত মানি ল’বলৈ বিচৰা নাই বুলি দাবী কৰে লুটনিকে৷ শেষপর্যন্ত মোদীৰ ফোন নাপালে ট্রাম্পে৷ ভাৰত–মার্কিন বাণিজ্য চুক্তিত স্বাক্ষৰ নহ’ল৷ মোদীৰ ফোন নাপাই ট্রাম্পৰ ইগ’ত লাগে৷ তাৰ পিছৰ পৰাই আলোচনা হ’লেও বাণিজ্য চুক্তি নহ’ল৷
এই সন্দর্ভত ভাৰতৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে মন্তব্য কৰে যে মার্কিন বিদেশ সচিবগৰাকীয়ে যি মন্তব্য কৰিছে সেয়া অসত্য আৰু ভিত্তিহীন৷ মোদীয়ে ট্রাম্পক ফোন কৰিব লাগিব বুলি কোনোধৰণৰ চর্ত ৰখা হোৱা নাছিল চুক্তিৰ আলোচনাত৷