১৮ দিন মহাকাশত থাকি পৃথিৱী পালেহি ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা
🔹 কেলিফ’র্নিয়াৰ উপকূলত সফল অৱতৰণ শুক্লাসহ ৪ মহাকাশচাৰী অহা ড্ৰেগন কেপচুলৰ
🔹 আনন্দৰ মুহূৰ্ত কেক কাটি উদযাপন শুভাংশুৰ পিতৃ-মাতৃৰ
নিউজ ডেস্ক, ১৫ জুলাই : এক গৌৰৱৰ ক্ষণ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে। ১৮ দিন মহাকাশত থাকি আজি সুকলমে কেলিফৰ্নিয়াৰ সমুদ্ৰত লেণ্ডিং কৰে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাসহ ৪ মহাকাশচাৰী অহা ড্ৰেগন কেপচুলে। বিয়লি প্ৰায় ৩ বজাৰ লগে লগে অৱতৰণ কৰে দলটোৱে। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ আৱেগিক হৈ পৰে শুভাংশু শুক্লাৰ পিতৃ-মাতৃ। লগতে এই আনন্দৰ মুহূৰ্ত কেক কাটি উদযাপন কৰে শুভাংশুৰ পিতৃ-মাতৃয়ে।
উল্লেখ্য যে ইতিহাস ৰচি প্রথমগৰাকী ভাৰতীয় মহাকাশচাৰী হিচাপে আন্তর্জাতিক মহাকাশ কেন্দ্রত ১৮ দিন বাহৰ পাতি থাকি গ্রুপ কেপ্টেইন সুভাংশু শুক্লাই কালি পৃথিৱীলৈ ওভতনি যাত্রা আৰম্ভ কৰে৷ আইএছএছত ১৮ দিন থাকি গুৰুত্বপূর্ণ গৱেষণা আৰু অধ্যয়ন চলোৱাৰ অন্তত কালি বিয়লি আইএছএছৰ পৰা পৃথিৱী অভিমুখে যাত্রা আৰম্ভ কৰে স্পেচএক্সৰ ড্রেগন মহাকাশ যানে৷ নির্ধাৰিত সময়তে কালি বিয়লি গ্রুপ কেপ্টেইন সুভাংশু শুক্লাসহ ৪ মহাকাশচাৰীক লৈ ড্রেগন কেপছুল আইএছএছৰ পৰা বিচ্ছিন্ন হৈ পৃথিৱীলৈ যাত্রা আৰম্ভ কৰে৷
নাছাই প্রকাশ কৰা মতেই প্ৰায় ২২ ঘণ্টাৰ মূৰকত আজি মহাকাশচাৰীসহ ড্রেগন কেপছুল কেলিফ’র্নিয়াৰ উপকূলত পৰে ৷ ইয়াৰ পিছতেই মহাকাশচাৰীকেইগৰাকীক বিশেষ ব্যৱস্থাৰে পুনৰ সংস্থাপন কেন্দ্রলৈ নিয়া হয়৷ ভাৰতীয় মহাকাশচাৰী শুক্লাৰ লগত নাছা, পোলেণ্ড আৰু হাংগেৰীৰ এগৰাকীকৈ মহাকাশচাৰীয়েও এই অভিযান সামৰি আজি পৃথিৱীলৈ উভতি আহে৷ নাছাই প্রকাশ কৰা মতে, ড্রেগন যানত ৫৮০ পাউণ্ডৰ সামগ্রী পৃথিৱীলৈ লৈ অনা হ’ব৷ ইয়াতে নাছাৰ হার্ডৱেৰ আৰু এএক্স–৪ অভিযানৰ ৬০তকৈ অধিক গৱেষণা পৰীক্ষাৰ ডাটা থাকিব৷