নিয়মীয়া বাৰ্তা, ১৫ জুলাই : কাম সৰুৱে হওক বা ডাঙৰে হওক- আপুনি কৰক নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে। নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে কৰা কামত আপুনি লাভ কৰিব আত্মসন্তুষ্টিৰ লগতে আনন্দ। প্ৰবল ইচ্ছাশক্তি থাকিলে ধন ঘটাৰ পথ যিকোনো সৎ পদক্ষেপেৰে উলিয়াই ল’ব পাৰি।
সৰুপথাৰ সমজিলাৰ বাৰঘৰীয়া গাঁৱৰ এগৰাকী উদ্যমী অসমীয়া মহিলাৰ আছে তেনে এক প্ৰবল আত্মবিশ্বাস। মহিলাগৰাকীৰ নাম কাকুমণি শইকীয়া। কাকুমণিয়ে নিজৰ পাকঘৰতে আৰম্ভ কৰিছে এটা ক্ষুদ্ৰ ব্যৱসায়। মহিলাগৰাকীয়ে ঘৰতে প্ৰস্তুত কৰে কাঠফুলাৰ পৰা বিভিন্ন ধৰণৰ মিঠাই, কেক আৰু আচাৰ । মিঠাই প্ৰস্তুত কৰি চুবুৰীয়া ব্যৱসায়িক প্ৰতিষ্ঠানত বিক্ৰীৰ বাবে মুকলি কৰি দিয়ে মহিলাগৰাকীয়ে। ঘৰৰ পৰাও বহু লোকে তেওঁ প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰি নিয়ে। কাকুমণিয়ে প্ৰস্তুত কৰা সামগ্ৰী যিয়ে এবাৰ মুখত দিয়ে সি দুনাই নিবলৈ আহে। যাৰ বাবে কাকুমণিৰ ব্যৱসায় লাহে লাহে বাঢ়িবলৈ ধৰিছে।
আজিৰ পৰা প্ৰায় এবছৰ আগেয়ে ‘কাকুমণি ফুড প্ৰডাক্ট’ নামেৰে স্থাপন কৰিছিল এই ক্ষুদ্ৰ উদ্যোগটো। ৰাজ্যত নিবনুৱা আৰু অৰ্থ-নিযুক্তিৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এই ক্ষুদ্ৰ উদ্যোগসমূহে বৰ্তমান এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । আৰ্থিকভাৱে দুৰ্বল মহিলাগৰাকীয়ে সামান্য পৰিমাণৰ মূলধনেৰে চলাই আছে এই ক্ষুদ্ৰ মিঠাই উদ্যোগটো। তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ (ONGC) কৰ্পৰেট সামাজিক দায়বদ্ধতা পুঁজিৰ অৰ্থ সাহায্যৰে আৰু বেচৰকাৰী সংস্থা কৃষ্টি কঠীয়াৰ সহযোগত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট কৃষি বিশ্ববিদ্যালয়ত কাঠফুলা খেতিৰ বিজ্ঞানসন্মতভাৱে মাষ্টাৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আৰম্ভ কৰিছিল কাঠফুলা খেতি। বেচৰকাৰী সংস্থা কৃষ্টি কঠীয়াৰ সহযোগত আৰম্ভ কৰা কাঠফুলা খেতিৰে লাভান্বিত হয় কাকুমণি । কাকুমণিয়ে তেওঁৰ ব্যৱসায় ধৈৰ্য আৰু প্ৰবল একাগ্ৰতাৰে ক্ৰমাৎ আগবঢ়াই লৈ গৈ আছে। কাঠফুলাৰ পৰা কেনেকৈ আচাৰ, কেক আৰু অন্যান্য মিঠাই বনাব পাৰি তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিলে কৃষ্টি কঠীয়া নামৰ সংস্থাটোৱে। পৰৱৰ্তী সময়ত গুৱাহাটীলৈ গৈ অধিক উন্নত মানৰ প্ৰশিক্ষণ গ্ৰহণ কৰি আজি লাভান্বিত হৈছে উদ্যমী মহিলাগৰাকী। নিজৰ পাকঘৰৰ ক্ষুদ্ৰ মিঠাই ব্যৱসায় এতিয়া সকলোৰে প্রিয় হ’বলৈ ধৰিছে।
‘কাকুমণি ফুড প্ৰডাক্ট’ মিঠাই উদ্যোগটোৱে লাহে লাহে ৰাইজৰ মুখত সোৱাদ দিয়াৰ লগতে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। গাঁৱৰ দোকানত চিনাকি হৈ পৰিছে কাকুমণি ফুড নামৰ মিঠাই, কেকৰ লগতে বিভিন্ন ধৰণৰ আচাৰ। কাকুমণিয়ে বৰ্তমান যাৱতীয় অনুজ্ঞা-পত্ৰ লৈ ‘কাকুমণি ফুড প্ৰডাক্ট’ নামেৰে নামকৰণ কৰি বজাৰত প্ৰৱেশ কৰিছে। অঞ্চলটোত এতিয়া সকলোৰে চিনাকি নাম ‘কাকুমণি ফুড প্ৰডাক্ট’। আৰ্থিকভাৱে দুৰ্বল কাকুমণিয়ে এই ব্যৱসায়টোৰ পৰাই পৰিয়াল পোহপাল দিছে। উদ্যমী মহিলা কাকুমণিৰ মন বহলভিত্তিত ব্যৱসায় আৰম্ভ কৰাৰ। এইক্ষেত্ৰত গাঁও অঞ্চলত থকা এনে ক্ষুদ্ৰ উদ্যোগক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চৰকাৰক কিছু সহযোগিতা কৰিবলৈ অনুৰোধ জনায় কাকুমণিয়ে।
ৰাজ্যখনত কাকুমণিৰ দৰে স্বাৱলম্বিতাৰে আগবাঢ়ি যাবলৈ আৰু বহুতো ক্ষেত্ৰ আছে, বহু ডাঙৰকৈ কিবা এটা কৰাৰ সলনি নিজৰ সামৰ্থ্য অনুসৰি নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে আগবাঢ়িলেই যে সকলোৱে সফলতা অৰ্জন কৰিব পাৰিব, তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কাকুমণিয়ে।
প্ৰেৰক নবীন বৰা