ৰন্ধন গেছৰ ভয়াৱহ সংকটৰ আশংকা বিশ্বত, আন্তঃৰাষ্ট্রীয় শক্তি সংস্থাৰ প্রতিবেদনত অশনি সংকেত
ডিজিটেল ডেস্ক, ২৬ এপ্রিল : ইৰান-আমেৰিকা আৰু ইজৰাইলৰ মাজৰ সংঘাত দীঘলীয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ ইয়াৰ বাবে শক্তিখণ্ডত প্রতিকূল প্রভাৱ পৰাৰ আশংকাই দেখা দিছে৷ এই সন্দর্ভত আন্তঃৰাষ্ট্রীয় সংস্থাই প্রকাশ কৰা প্রতিবেদনত অশনি সংকেত প্রকাশ পাইছে৷
আইইএৰ প্রতিবেদন মতে, মধ্যপ্রাচ্যৰ যুদ্ধ যিমানে দীঘলীয়া হ’ব সিমানেই বৃদ্ধি পাব ইন্ধনৰ সংকট৷ ২০২৭ চনলৈকে সমগ্র বিশ্বত ৰন্ধন গেছৰ ভয়াৱহ সংকটে দেখা দিব৷ আঞ্চলিক সংঘাত আৰু যোগান শৃংখলত দেখা দিয়া বিঘিনিৰ ফলত বজাৰলৈ ভাৰসাম্য ঘূৰি অহাটো বিলম্ব হৈছে, যাৰ ফলত যোগান আৰু মূল্যৰ অস্থিৰতাৰ আশংকা বৃদ্ধি পাইছে৷ যুদ্ধৰ পৰিস্থিতিত যোৱা বছৰৰ তুলনাত বাণিজ্যিক ৰন্ধন গেছৰ উৎপাদন ৮ শতাংশ হ্রাস পাইছে৷
প্রতিবেদনত লগতে উল্লেখ কৰা হৈছে যে ২০২৬ চনৰ পৰা ২০৩০ চনৰ ভিতৰত মুঠ ১২০ বিলিয়ন ঘন মিটাৰ ইন্ধন যোগানৰ ঘাটি হ’ব পাৰে৷ এনে হ’লে ৰন্ধন গেছৰ মূল্য আকাশলংঘী হোৱাৰ আশংকাই দেখা দিছে৷ বিগত দুমাহ ধৰি চলি থকা মধ্যপ্রাচ্যৰ যুদ্ধৰ বাবে বিশ্বৰ অধিকাংশ দেশতে ইন্ধন সৰবৰাহ ব্যাহত হৈ পৰিছে৷ ইয়াৰ ফলত বিশেষকৈ এছিয়া মহাদেশৰ বহু দেশত ইন্ধনৰ সমস্যা তীব্রতৰ হৈ পৰিছে৷
ইৰানে হৰমুজ প্রণালী বন্ধ কৰাৰ পিছত আবদ্ধ হৈ আছে বহু ইন্ধনবাহী জাহাজ৷ শেহতীয়াভাৱে আমেৰিকাই ইৰানত যুদ্ধবিৰতি ঘোষণা কৰিলেও এতিয়ালৈকে কোনো ফলপ্রসূ আলোচনা নোহোৱাটোৱে বিশ্ববাসীক আতংকিত কৰি ৰাখিছে৷ আন্তঃৰাষ্ট্রীয় শক্তি সংস্থাই নতুনকৈ প্রকাশ কৰা ত্রিমাসিক মূল্যায়ন প্রতিবেদনত ইন্ধনক লৈ একে আশংকাই কৰা পৰিলক্ষিত হৈছে৷ যুদ্ধ অব্যাহত থাকিলে ভাৰততো ইন্ধনৰ সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাটো নিশ্চিত৷