ডিজিটেল ডেস্ক, সোণতলী, ২৬ এপ্ৰিল : কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীত নিশা আৰক্ষীৰ অভিযানত ৫টাকৈ দুৰ্ধৰ্ষ অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, বকো-ছয়গাঁও সমজিলা আৰক্ষী অধীক্ষক জানকিশোৰ গগৈৰ নেতৃত্বত সোণতলীত নিশা আৰক্ষীৰ বৃহৎ অভিযান চলে। অভিযানত ৫টাকৈ দুৰ্ধৰ্ষ অপহৰণকাৰীক আটক কৰিবলৈ সক্ষম হয়। গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ এটা অপহৰণৰ গোচৰত আটক হয় যুৱককেইজন।
আটকাধীন যুৱককেইজন ক্ৰমে ছমৰীয়া পামৰ আবু জুবাইৰ আকন্দ, মাহতলীৰ ছাজিদ আলী, গৰেমাৰী বিলৰ জান গাঁৱৰ হাইদৰ আলী, মাহতলীৰ ৰাকিব আল আমিন আৰু হাঁহচৰীৰ নুৰ ইছলাম বুলি জানিব পৰা গৈছে। আটকাধীন যুৱককেইজন নুনমাটি আৰক্ষীৰ জিম্মাত অছে।