হৰমুজৰ পূর্ণ কর্তৃত্ব বিচাৰি যুদ্ধ বন্ধৰ নতুন চর্ত ইৰানৰ
ডিজিটেল ডেস্ক, ৩০ মার্চ : যুদ্ধ বন্ধ কৰাৰ বাবে এইবাৰ নতুন চর্ত আৰোপ কৰিলে ইৰানে৷ হৰমুজ প্রণালীৰ ওপৰত পূর্ণ কর্তৃত্ব বিচাৰিছে তেওঁলোকে৷ ইৰানৰ দাবী যে এই জলপথৰ ওপৰত তেওঁলোকৰ সার্বভৌমত্বক স্বীকৃতি দিব লাগিব৷ এইবাৰ আমেৰিকাৰ ওচৰত এই চর্ত ৰাখিলে ইৰানে৷
প্রাথমিকভাৱে তেহৰানে যিসমূহ চর্ত ৰাখিছিল, তাত এই দাবীটো নাছিল৷ আমেৰিকা আৰু ইৰানৰ যুদ্ধ বন্ধ কৰাৰ বাবে মধ্যস্থতাৰ চেষ্টা কৰিছে পাকিস্তানে৷ আমেৰিকাৰ তৰফৰ পৰা দিয়া ১৫ দফীয়া প্রস্তাৱ তেওঁলোকে ইতিমধ্যে ইৰানৰ ওচৰলৈ পঠিয়াই দিছে৷ কিন্তু এতিয়াই আলোচনাত বহিবলৈ অনিচ্ছুক তেহৰান৷ আমেৰিকাই এই প্রস্তাৱ পঠিওৱাৰ পূর্বৰে পৰাই ইৰানে তিনিদফীয়া চর্তৰ কথা কৈ আহিছিল৷
প্রথম, ইৰানক তেওঁলোকৰ ‘ন্যায্য অধিকাৰ’ৰ পৰা বঞ্চিত কৰা নচলিব৷ দ্বিতীয়তে ইৰানৰ যি লোকচান হৈছে তাৰ ক্ষতিপূৰণ দিব লাগিব৷ তাৰ লগতে আমেৰিকা আৰু ইজৰাইলে এইটো নিশ্চিত কৰিব লাগিব যে তেওঁলোকে আগন্তুক দিনত ইৰানৰ ওপৰত পুনৰ আক্রমণ নকৰে৷ কিন্তু তেতিয়া হৰমুজ সংক্রান্তত কোনো চর্ত দিয়া হোৱা নাছিল৷ ইৰানৰ এই নতুন চর্তৰ ফলত কি কি সমস্যা হ’ব পাৰে, তাৰ প্রতি নজৰ ৰাখিছে আমেৰিকায়ো৷
মার্কিন বিদেশ সচিব মার্ক’ ৰুবিঅ’ৱে দুদিন পূর্বে জনাইছিল যে যুদ্ধ শেষ হোৱাৰ পিছত হৰমুজত টোল সংগ্রহ কৰিবলৈ চেষ্টা কৰিব পাৰে তেহৰানে৷ কিন্তু এই ব্যৱস্থাক যে আমেৰিকাই মানি নলয়, তাকো তেওঁ স্পষ্ট কৰি দিয়ে৷