নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছৌদিৰ মার্কিন বিমানঘাটিত যুদ্ধৰ পূর্বে ইৰানক উপগ্রহ চিত্র দিছিল ৰাছিয়াই

🔹 ৰাষ্ট্রপতি জেলেনস্কিৰ দাবীক লৈ চাঞ্চল্য

ডিজিটেল ডেস্ক, ৩০ মার্চ : ছৌদি আৰবৰ মার্কিন বায়ুসেনা ঘাটিত আক্রমণৰ পূর্বে তাৰ উপগ্রহ চিত্র ইৰানলৈ প্রেৰণ কৰিছিল ৰাছিয়াই৷ এই দাবী ইউক্রেইনৰ ৰাষ্ট্রপতি ভ’লাডিমিৰ জেলেনস্কিৰ৷ শুকুৰবাৰে ছৌদিৰ প্রিঞ্চ চুলতান বিমানঘাটিত উপর্যুপৰি ক্ষেপণাস্ত্র আৰু ড্রোন আক্রমণ চলায় ইৰানে৷ এই আক্রমণত ১৫জন মার্কিন সেনা আহত হয়৷ এই আক্রমণক লৈয়ে মুখ খুলিছে জেলেনস্কিয়ে৷

তেওঁ দাবী কৰে যে এই আক্রমণত ইৰানক সহযোগিতা কৰিছে ৰাছিয়াই৷ অৱশ্যে এই প্রসংগত ইৰান বা ৰাছিয়াই এইপর্যন্ত কোনো মন্তব্য কৰা নাই৷ উল্লেখ্য যে যোৱা ২৭ মার্চৰ পুৱা প্রিঞ্চ চুলতান বিমানঘাটিত ইৰানে উপর্যুপৰি ৬টাকৈ বেলিষ্টিক ক্ষেপণাস্ত্র আৰু ২৯টা ড্রোন আক্রমণ চলায় বুলি সংবাদ প্রতিষ্ঠানৰ বাতৰিত প্রকাশ পাইছে৷

এই আক্রমণৰ প্রসংগ তুলিয়েই জেলেনস্কিয়ে এক্স হেণ্ডেলত দিয়া পোষ্টত দাবী কৰে যে উপসাগৰীয় অঞ্চলত থকা মার্কিন সেনা ঘাটিসমূহৰ উপগ্রহ চিত্র লৈ সেইবোৰ ইৰানক হস্তান্তৰ কৰিছে ৰাছিয়াই৷ ২৪ৰ পৰা ২৬ মার্চৰ ভিতৰত এই ছবিসমূহ তোলা হৈছিল৷ ছৌদি, কাটাৰ, কুৱেইট, তুর্কী আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ কেইবাটাও সংবেদনশীল এলেকাৰ ছবি তুলিছে ৰাছিয়াৰ উপগ্রহই৷ ঘটনাক্রমে ২৭ মার্চত ছৌদিৰ প্রিঞ্চ চুলতান বিমানঘাটিত আক্রমণ চলায় ইৰানে৷

জেলেনস্কিয়ে লগতে দাবী কৰে যে ভাৰত মহাসাগৰীয় অঞ্চলত আমেৰিকা–ব্রিটেইনৰ যুটীয়া সেনাঘাটি ডিয়েগ’ গার্ছিয়াৰ ছবি তোলা হৈছে ২৪ মার্চত৷ ২৫ মার্চত তোলা হয় প্রিঞ্চ চুলতান বিমানঘাটিৰ ছবি৷

You might also like