ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰানৰ ড্ৰোন আক্ৰমণত আহত ভাৰতীয় নাগৰিক
ডিজিটেল ডেস্ক, ১১ মাৰ্চ : মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ মাজতে বুধবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইৰানে চলোৱা ড্ৰোন আক্ৰমণত এজন ভাৰতীয় নাগৰিকসহ চাৰিজন লোক আহত হয় ।
এক বিবৃতি প্ৰকাশ কৰি কৰ্তৃপক্ষই কয়- বুধবাৰে পুৱা ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত দুখন ড্ৰোনে আঘাত হানে। এই আক্ৰমণত দুজন ঘানাৰ নাগৰিক, এজন বাংলাদেশী নাগৰিকসহ এজন ভাৰতীয় নাগৰিকো আহত হৈছে। এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে নিৰাপত্তা সংস্থাই। বিবৃতিত প্ৰকাশ কৰা অনুসৰি ড্ৰোন আক্ৰমণৰ পিছতো স্বাভাৱিকভাৱে বিমান সেৱা অব্যাহত আছে । ইয়াৰ পূৰ্বে ১ মাৰ্চত ড্ৰোন আক্ৰমণত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এটা অংশৰ সামান্য ক্ষতিসাধন হৈছিল।