ভাৰত-পাকৰ মেচত আক্রমণৰ ভাবুকি আইছিছৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ মে’ : ৱেষ্ট ইণ্ডিজ আৰু শক্তিধৰ দেশ আমেৰিকাত যুটীয়াভাৱে ২ জুনৰ পৰা আৰম্ভ হ’ব আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ ৯ জুনত নিউয়র্কত অনুষ্ঠিত হ’ব ভাৰত আৰু পাকিস্তানৰ হাইভ’ল্টেজ মেচখন৷ কিন্তু এই বহু প্রতীক্ষিত মেচখনৰ পূর্বে ইছলামিক ষ্টেট সন্ত্রাসবাদী সংগঠনে ভাবুকি প্রদান কৰিছে৷ আইছিছৰ ভাবুকি পোৱাৰ পিছতে নিউয়র্কত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰি তোলা হৈছে৷ নিউয়র্কৰ গৱর্নৰ কেথি হোছুলে এই সন্দর্ভত কয় যে তেওঁ এনৱাইপিডিক নিৰাপত্তা বৃদ্ধি কৰিবলৈ নির্দেশ দিছে৷ নিউয়র্ক চহৰৰ সীমান্তৱর্তী নাছাউ কাউণ্টীৰ মুৰব্বী ব্রুছ ব্লেকমেনে কয় যে তেওঁলোকে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সম্পূর্ণৰূপে সাজু আছে৷ সকলো সাৱধানতা অৱলম্বন কৰা হৈছে৷ প্রতিতো ভাবুকিক গুৰুত্ব সহকাৰে লোৱা হৈছে৷ অৱশ্যে এনেধৰণৰ ভাবুকিক লৈ অধিক চিন্তিত নহয় বুলিও তেওঁ উল্লেখ কৰে৷ ইছলামিক ষ্টেট সন্ত্রাসবাদী আইছিছে এই ভাবুকি প্রদান কৰিছে৷ সংগঠনটোৱে ব্রিটিছ ছেট ছাইটত ক্রিকেট ষ্টেডিয়ামৰ এখন ফটো পোষ্ট কৰিছিল যাৰ ওপৰত ড্রোন উৰি আছিল৷ তাৰ ওপৰত ভাৰত–পাকিস্তানৰ খেলৰ তাৰিখ ৯/০৬/২০২৪ লিখা আছিল৷ নিউয়র্কৰ বিষয়াসকলে আইছিছৰ পোষ্টটো নস্যাৎ কৰিছে৷ লগতে পৰিস্থিতি নিৰীক্ষণ কৰি আছে৷ প্রশাসনৰ মতে, নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে আৰু অনুসন্ধান অব্যাহত ৰাখিছে৷ কোনো ৰাজহুৱা সুৰক্ষাৰ ভাবুকি নাই যদিও পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰি থকা হৈছে৷ নাছাউ আৰক্ষীৰ মতে, প্রশাসনে নিউয়র্কলৈ অহা ভাৰতৰ দর্শনার্থীসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তেওঁলোকে কাম কৰি আছে৷ নাছাউ কাউণ্টিৰ আৰক্ষী আয়ুক্ত পেট্রিক ৰাইডাৰে কোৱা মতে, কোনো বিশ্বাসযোগ্য ভাবুকি নাই৷ কিন্তু আৰক্ষীয়ে পৰিস্থিতি নিৰীক্ষণ কৰি আছে৷ উল্লেখ্য যে ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখন হ’বলগীয়া নাছাউ ক্রিকেট ষ্টেডিয়ামৰ আসনৰ সংখ্যা হ’ল ৩০ হাজাৰ৷ এই ষ্টেডিয়ামখন টি–২০ বিশ্বকাপৰ বাবে বিশেষভাৱে প্রস্তুত কৰা হৈছে৷ ১ জুনত ভাৰত আৰু বাংলাদেশৰ মাজত ৱার্মআপ মেচখন অনুষ্ঠিত হোৱাৰ পিছত ৩ জুনৰ পৰা প্রতিযোগিতাখনৰ মেচসমূহ এইখন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷