নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৰেশ্বৰত বিজেপিৰ প্ৰাৰ্থী ভিক্টৰ দাসক লৈ সৰ্বত্ৰ উছাহ

তামুলপুৰ জিলাৰ ৪৪নং গোৰেশ্বৰ বিধানসভা সমষ্টিত ক্ৰমাৎ আৰম্ভ হবলৈ ধৰিছে নিৰ্বাচনী গৰম বতাহ। জিলাখনৰ গোৰেশ্বৰ সমষ্টিৰ পৰা সৰ্বমুঠ ১৪ গৰাকী প্ৰাৰ্থীয়ে মনোয়ন পত্ৰ দাখিল কৰিছে।

অৱশ্যে সমষ্টিৰ প্ৰাৰ্থী তালিকা চুড়ান্ত নহলেও নৱগঠিত গোৰেশ্বৰ বিধানসভা সমষ্টিতোৰ চৌদিশে এতিয়া ভাৰতীয় জনতাৰ পাৰ্টীৰ জোৱাৰ। ভিক্টৰ কুমাৰ দাসৰ সমৰ্থনত হিল দল ভাঙি ওলাই আহিছে ৰাইজ।

তামুলপুৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰাজনৈতিকভাৱে এক দশকৰো অধিক অভিজ্ঞতাৰে পৰিপুষ্ট ভিক্টৰ কুমাৰ দাসক লৈ এতিয়া সমগ্ৰ গোৰেশ্বৰ সমষ্টিবাসী তথা দলীয় কৰ্মকৰ্ত্তাৰ মাজত দেখা গৈছে উৎসাহ।

সমষ্টিটোত চুকে কোণে দেখা গৈছে কেৱল ভিক্টৰ কুমাৰ দাসৰ নিশ্চিত জয়ৰ গুণাগঁঠা। এগৰাকী অক্লান্ত সৈনিক হিচাবে বিগত প্ৰায় এক দশকৰো অধিক কাল ভাৰতীয় জনতা পাৰ্টীৰহৈ নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়োৱা ভিক্টৰ কুমাৰ দাস সকলোৰে বাবে এতিয়া হৈ পৰিছে পৰিচিত নাম।

নিজৰ কৰ্ম দক্ষ্যতাৰে পৰিচয় দিয়া ভিক্টৰ কুমাৰ দাসে যেতিয়াই তামুলপুৰ জিলা বিজেপিৰ সভাপতি পদত অধিষ্ঠিত হৈছিল তেতিয়াৰে পৰা দলটোক সন্মুখৰ পৰা নেতৃত্ব দি এক শক্তি শালি ৰূপত গঢ় দিয়াত অন্যতম ভূমিকা গ্ৰহন কৰিছিল।

যাৰ সুবাদত ভিক্টৰ কুমাৰ দাস এতিয়া সকলোৰে প্ৰিয়ভাজন হৈ উঠিছে। প্ৰতিটো জাতি- জনগোষ্ঠীৰ লগত সহজতে একাত্ম হব পৰা গুনৰ অধিকাৰী ভিক্টৰ কুমাৰ দাসক ৪৪নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ পৰা প্ৰথম গৰাকী বিধায়ক হিচাবে নিৰ্বাচিত কৰি লৈ যোৱাৰ বাবে যেন এতিয়া সকলোৱে পণ বান্ধি লৈছে।

ইপিনে দলীয় প্ৰাৰ্থীত্ব লাভ কৰাৰ পিচতে ভিক্টৰ কুমাৰ দাসে সমষ্টিটোৰ চুবুৰিয়ে চুবুৰিয়ে সোমাই প্ৰতিগৰাকী ভোটাৰৰ লগত মত বিনিময় কৰা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষন কৰিছে। এগৰাকী সাধাৰন কোচ ৰাজবংশী জনগোষ্ঠী পৰিয়ালৰ লোক হৈ বড়ো, নেপালী, হিন্দী, সংস্কৃত, বেংগলী আদি কৰি কেবাটাও ভাষাত স্পষ্টকৈ কথা কব পৰা ভিক্টৰ কুমাৰ দাসক প্ৰায় ভাগ জনগোষ্ঠীয়ে সমৰ্থন আগবঢ়োৱাত সমষ্টিটোত বিৰোধীৰ বাবে একপ্ৰকাৰ শংকাৰ বিষয় হৈ পৰিছ।

বিভিন্ন মন্দিৰে মন্দিৰে গৈ নেদেখাজনৰ ওচৰত গৈ আশিষ বিচাৰি প্ৰাৰ্থনা জনাইছে। ইপিনে ভিক্টৰ কুমাৰ দাসৰ লগত বি পি এফৰ দুগৰাকীকৈ প্ৰভাৱ শালি ই এম গনেশ কছাৰী, মহেশ্বৰ বসুমতাৰী আৰু ভাৰতীয় জনতা পাৰ্টীৰ ই এম লক্ষী দাসে (ভজন) প্ৰতিটো মূহুৰ্ত্ততে সংগ দিয়াত দলটোৰ ভেটি আৰু অধিক শক্তিশালি হৈ উঠা পৰিলক্ষিত হৈছে।

অৱশ্যে নিৰ্বাচনলৈ আৰু প্ৰায় ১৩ দিন বাকী থকাত বিৰোধীৰ প্ৰচাৰ অভিযানে ৰাইজক কেনেদৰে আকৰ্ষিত কৰে সেয়া লক্ষণীয় হব।

নিয়মীয়া বাৰ্তা, গোৰেশ্বৰ, ২৬ মাৰ্চ

You might also like