চীনৰ ধনকুবেৰ ব্যৱসায়ী জেক মাৰ দুমাহ ধৰি অজ্ঞাতবাস
নিয়মীয়া বাৰ্তা ৫ জানুৱাৰীঃ চীনৰ প্রযুক্তি ক্ষেত্রৰ ধনকুবেৰ তথা আলিবাবাৰ প্রতিষ্ঠাতা জেকমা বিগত দুমাহ ধৰি ৰাজহুৱা জীৱনৰ পৰা আঁতৰি আছে৷ ৰাষ্ট্রপতি ঝি জিনপিং নেতৃত্বাধীন চীনৰ কমিউনিষ্ট চৰকাৰৰ সৈতে সংঘাত আহি পৰাৰ লগে লগে জেক মা ৰাজহুৱা জীৱনৰ পৰা আঁতৰি থকা বুলি বিভিন্ন মহলে সন্দেহ কৰিছে৷ লক্ষণীয়ভাৱে নিজৰেই এক টেলেণ্ট শ্ব’ ‘আফ্রিকাছ বিজনেছ হিৰোছ’ৰ চূড়ান্ত খণ্ডত এগৰাকী বিচাৰক হিচাপে জেক মা উপস্থিত থকাৰ কথা আছিল যদিও অন্তিম সময়ত এই শ্ব’ৰ পৰা তেওঁ আঁতৰি থাকে৷
ব্রিটেইনৰ সংবাদ পত্র ‘দ্য টেলিগ্রাফ’ৰ প্রতিবেদন অনুসৰি অন্তিম মুহূর্তত টেলেণ্ট শ্ব’ৰ পৰা জেক মাৰ আলোকচিত্র আঁতৰাই দিয়া হয়৷ স্মর্তব্য যে অক্টোবৰ মাহত চীনৰ কমিউনিষ্ট চৰকাৰৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়াইছিল ধনকুবেৰগৰাকীয়ে৷ দেশখনৰ বেংকিং ব্যৱস্থাৰ বিৰুদ্ধে ক্ষুৰধাৰ মন্তব্য আগবঢ়োৱা জেক মাৰ সৈতে সংঘাত আহি পৰে চৰকাৰৰ৷ পৰৱর্তী সময়ত অৱশ্যে জেক মাই বেংকিং ব্যৱস্থাৰ সংস্কাৰ হ’ব লাগে বুলি নমনীয় মন্তব্য আগবঢ়ায়৷ তথাপি তেতিয়াৰে পৰা ৰাজহুৱা জীৱন ত্যাগ কৰি একপ্রকাৰ অজ্ঞাতবাসত আছে ধনকুবেৰগৰাকী৷