নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিৰণ খেৰৰ পৰিৱর্তে প্রার্থী হ’ব পাৰে কংগনা ৰাণাৱাট

🔹 লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতাৰ মন অভিনেত্রীৰ !

বিশেষ বাৰ্তা, ২ ডিচেম্বৰ : ‘তেজছ’ ছবিৰ ব্যর্থতাৰ বাবে মানসিকভাৱে ভাগি পৰিছে বলীউডৰ অভিনেত্রী কংগনা ৰাণাৱাট৷ গেৰুৱা ৰাজনৈতিক মতাদর্শৰ বাবে সদায় বিতর্কত অভিনেত্রীগৰাকী৷ এইবাৰ চর্চা চলিছে যে ২০২৪ৰ লোকসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব কংগনাই৷ শুনিবলৈ পোৱা গৈছে বিজেপিৰ সাংসদ তথা অভিনেত্রী কিৰণ খেৰৰ চণ্ডীগড় সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব কংগনাই৷ কংগনাক এইবাৰ লোকসভালৈ অনাৰ বাবে বিজেপিয়েও চিন্তাচর্চা কৰা বুলি প্রচাৰ চলিছে৷ গতিকে দলটোৰ সুৰক্ষিত আসন চণ্ডীগড়তেই কংগনাক প্রক্ষেপ কৰিব বুলি ধাৰণা কৰা হৈছে৷ এই লৈ চর্চা চলি থকাৰ মাজতে অৱশ্যে কংগনাই নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে বুলি ঘোষণা কৰিছে৷

You might also like