নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰুছ মহিলাক কমেও ৮ সন্তান জন্ম দিয়াৰ আহ্বান

🔹 জনসংখ্যা হ্রাসক লৈ উদ্বিগ্ন ৰাষ্ট্রপতি পুটিন

🔹 ইউক্রেইন যুদ্ধৰ ভয়াৱহ প্রভাৱ

বিশেষ বাৰ্তা, ২ ডিচেম্বৰ : ৰাছিয়াৰ জনসংখ্যা অভাৱনীয়ভাৱে হ্রাস পাইছে৷ গতিকে জনসংখ্যা বৃদ্ধিৰ ক্ষেত্রত বিভিন্ন আঁচনি গ্রহণ কৰিছে ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ পুটিনে শেহতীয়াকৈ উল্লেখ কৰিছে যে আগন্তুক দশকবোৰ হ’ব দেশৰ জনসংখ্যা বৃদ্ধিৰ দশক৷ দেশখনৰ মহিলাসকলক আঠটা বা তাতকৈ অধিক সন্তান জন্ম দি বৃহৎ পৰিয়ালৰ নিয়ম ৰক্ষা কৰিবলৈ আহ্বান জনাইছে ৰাষ্ট্রপতিগৰাকীয়ে৷ ৰাছিয়া–ইউক্রেইন যুদ্ধত বহু তৰুণ সৈনিকৰ মৃত্যু হোৱাৰ পাছতে দেশখনত জনসংখ্যা বৃদ্ধিৰ বিষয়টোত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ শেহতীয়াকৈ মস্কোত ৱর্ল্ড ৰাছিয়ান পিপল্ছ কাউঞ্চিলক সম্বোধি এক ভিডিঅ’ বার্তাত পুটিনে কয় যে বহু পৰিয়ালে এতিয়া ৰাছিয়াত তিনিটা বা চাৰিটা সন্তান জন্ম দিয়া পৰম্পৰা ৰক্ষা কৰি আহিছে৷ কিন্তু পূর্বৰ পিতৃ–মাতৃয়ে ৭–৮টাকৈ সন্তান জন্ম দি ৰুছ জাতিৰ বুনিয়াদ গঢ়িছিল৷ শক্তিশালী ৰাষ্ট্র তথা সমাজ গঢ়িবলৈ হ’লে জনসংখ্যাও প্রয়োজন বুলি পুটিনে উল্লেখ কৰে৷ শেহতীয়াকৈ ব্রিটেইনৰ পত্রিকা ‘দ্য ইণ্ডিপেণ্ডেণ্ট’–এ সদৰী কৰিছে পুটিনৰ বক্তব্যৰ সবিশেষ তথ্য৷ আনকি ৰাষ্ট্রপতি পুটিনে নিজে তেওঁৰ দুই সন্তান থকা বুলি স্বীকাৰ কৰে বার্তাটোত৷ অৱশ্যে বিভিন্ন প্রতিবেদনত প্রকাশ পোৱা অনুসৰি বহু মহিলাৰ সৈতে পুটিনৰ কেইবাটাও সন্তান আছে৷ ইউক্রেইন যুদ্ধত ৰাছিয়াৰ তিনি লক্ষাধিক সৈনিক নিহত হোৱা বুলি পাশ্চাত্যৰ সংবাদ মাধ্যমে দাবী কৰি আহিছে৷ আনফালে, ৰাছিয়াৰ এক সংস্থাই দাবী কৰা অনুসৰি দেশখনৰ পৰা ৯ লক্ষাধিক লোকে যুদ্ধৰ সময়ত পলায়ন কৰিছে৷ ইয়াৰ ফলত হ্রাস পাইছে ৰাছিয়াৰ জনসংখ্যা৷

You might also like