নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপহৰণ কৰি বলপূর্বক বিবাহ স্কুলৰ শিক্ষকক

🔹 চৰকাৰী চাকৰিয়েই কাল হৈছে বিহাৰৰ যুৱকৰ

বিশেষ বাৰ্তা, ২ ডিচেম্বৰ : চৰকাৰী চাকৰি পোৱা মানেই ভাগ্যৰ দুৱাৰ মুকলি হোৱা৷ কিন্তু সেই চৰকাৰী চাকৰিয়েই ‘বিপদ’ত পেলাইছে বিহাৰৰ যুৱকসকলক৷ চাকৰি হোৱাৰ পাছত উল্লাস প্রদর্শন কৰাৰ বিপৰীতে আতংকিত হ’বলগীয়া হৈছে ৰাজ্যখনৰ বহু যুৱক৷ কাৰণ চৰকাৰী চাকৰি পোৱা যুৱকসকলৰ একাংশক অপহৰণ কৰিবলৈ লৈছে স্থানীয় বাসিন্দাই৷ অকল অপহৰণ কৰাই নহয়, জোৰকৈ বিয়া পাতি দিয়া হৈছে এই যুৱকসকলক৷ ৰাজ্যখনৰ কেইবাটাও অঞ্চলত এনে ঘটনা সংঘটিত হৈছে৷ শেহতীয়াকৈ ৰেপুৰাৰ এখন চৰকাৰী বিদ্যালয়ত চাকৰি পোৱা যুৱক এজনৰ ঘটনা পোহৰলৈ আহিছে৷ বিভিন্ন সংবাদ সংস্থাৰ প্রতিবেদন অনুসৰি গৌতম নামৰ যুৱকজনে চৰকাৰী বিদ্যালয়ত চাকৰি লাভ কৰিছিল৷ গৌতমে অভিযোগ কৰা অনুসৰি, স্কুলত পাঠদানৰ সময়তে ৫–৬গৰাকী লোকে আহি তেওঁক পাশৱিকভাৱে প্রহাৰ কৰে আৰু অপহৰণ কৰি লৈ যায়৷ তাৰ পাছতে ৰাজেশ ৰায় নামৰ এজন লোকৰ কন্যাৰ সৈতে গৌতমক বিবাহপাশত আবদ্ধ হ’বলৈ বাধ্য কৰোৱা হয়৷ ৰাজেশ ৰায়ৰ কন্যাক বিয়া নকৰালে পৰিণতি বিষম হ’ব বুলি ভাবুকি দিয়া হয় গৌতমক৷ আৰক্ষীয়ে ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে৷

You might also like