নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানক ভৰসা নকৰে খামেইনীৰ দেশে…! মধ্যস্থতাকাৰীৰ ভূমিকাত চীনক বিচাৰে ইৰানে

ডিজিটেল ডেস্ক, ২৪ এপ্রিল : যুদ্ধবিৰতিৰ ম্যাদ বৃদ্ধিৰ ফলত দ্বিতীয় পর্যায়ৰ আলোচনাৰ মৃদু সম্ভাৱনাৰ সৃষ্টি হৈছে ইৰান আৰু আমেৰিকাৰ মাজত৷ কিন্তু মধ্যস্থতাকাৰীৰ ভূমিকাত পাকিস্তানক একেবাৰে ভৰসা কৰিব পৰা নাই ইৰানে৷ এনে অৱস্থাত দ্বিতীয় পর্যায়ৰ আলোচনা আৰম্ভ কৰিবলৈ চীনৰ দ্বাৰস্থ হৈছে পাকিস্তান৷

সূত্রৰ খবৰ মতে, ইৰানৰ দাবী মানিয়েই এই পদক্ষেপ গ্রহণ কৰিছে শ্বাহবাজ–মুনিৰহঁতে৷ সকলো ঠিকে–ঠাকে থাকিলে মধ্যস্থতাকাৰীৰ ভূমিকাত পাকিস্তানৰ সৈতে থাকিব পাৰে চীনৰ প্রতিনিধি ৷ হাজাৰ চেষ্টাৰ পিছতো আমেৰিকা–ইৰানৰ মাজত স্থায়ী যুদ্ধবিৰতি কার্যকৰী কৰাত ব্যর্থ হৈছে পাকিস্তান৷ এনে অৱস্থাত শীর্ষ কূটনৈতিক সূত্রৰ উদ্ধৃতি দি সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে পাকিস্তানৰ ওপৰত ভৰসা কমিবলৈ আৰম্ভ কৰিছে ইৰানৰ৷ এনে অৱস্থাত এই যুদ্ধ ৰোধ কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰে চীনে৷

দ্বিতীয় পর্যায়ৰ আলোচনাত ৬টা বিষয়ত গুৰুত্ব দিয়া হ’ব বুলি জানিব পৰা গৈছে৷ এই ৬টা বিষয়ৰ ভিতৰত উল্লেখযোগ্য হ’ল ইৰানৰ প্রধান দাবীসমূহ পূৰণ কৰা আৰু স্থায়ী শান্তিৰ নিশ্চয়তা দিয়া৷ তদুপৰি আৰু কেইবাটাও বিষয়ক লৈ আলোচনা আৰম্ভ কৰিব বিচাৰিছে ইৰান আৰু আমেৰিকাই৷

উল্লেখযোগ্য যে সাম্প্রতিক সময়ত মধ্যস্থতাকাৰী হিচাপে পাকিস্তানৰ ভূমিকাক লৈ প্রশ্ণ তুলিছে ইৰানে৷ তেহৰানৰ চৰকাৰী সংবাদ মাধ্যমৰ তৰফৰ পৰা পাকিস্তানক দুমুখীয়া বুলি কটাক্ষ কৰা হৈছে৷ পাক সেনাপ্রধান আছিফ মুনিৰক লক্ষ্য কৰি লৈ জনোৱা হয় যে ইছলামাবাদে আমেৰিকাৰ পক্ষত থাকি আমাৰ ইৰানৰ সৈতে সম্পর্ক ভালে ৰখাৰ নাটক কৰি আছে৷ ইৰানৰ তৰফৰ পৰা আৰু দাবী কৰা হয় যে পাকিস্তানে ইৰানৰ দাবীক একাষৰীয়া কৰি আমেৰিকাৰ পুতলাৰ ভূমিকা পালন কৰিছে৷

You might also like