সেনা জোৱানৰে দীপাৱলী উদযাপন মোদীৰ
🔹 হিমাচল প্রদেশৰ তিব্বত সীমান্তৰ লেপচাত প্রধানমন্ত্রী
🔹 ‘আমাৰ সেনা হিমালয়ৰ দৰে সুদৃঢ় হৈ থকালৈকে ভাৰত সুৰক্ষিত হৈ থাকিব’
বিশেষ বাৰ্তা, ১৩ নৱেম্বৰ : প্রতিবছৰৰ দৰে এইবাৰো সেনা জোৱানসকলৰ সৈতে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰিবলৈ সীমান্তত উপস্থিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ হিমাচল প্রদেশৰ তিব্বত সীমান্তৱর্তী লেপচাত সেনা জোৱানসকলৰ সৈতে দীপাৱলী পালন কৰি মোদীয়ে কয়– ‘যিমান দিনলৈ সীমান্তত আমাৰ সেনা হিমালয়ৰ দৰে সুদৃঢ় হৈ থাকিব, তেতিয়ালৈ ভাৰত সুৰক্ষিত থাকিব’৷ প্রত্যক্ষভাৱে উল্লেখ নকৰিলেও ৰাছিয়া–ইউক্রেইন অথবা হামাছ–ইজৰাইলৰ সংঘর্ষৰ কথাও শুনা গ’ল মোদীৰ মুখত৷ প্রধানমন্ত্রীয়ে কয় যে আজিৰ সমগ্র পৃথিৱীৰ যি পৰিস্থিতি, তাত ভাৰতৰ প্রতি প্রত্যাশা বৃদ্ধি পাই আছে৷ এই পৰিস্থিতিত ভাৰতীয় সীমান্ত নিৰাপদ থকাটো জৰুৰী৷ দেশৰ অভ্যন্তৰত ভাৰতে শান্তিৰ বাতাৱৰণ অক্ষত ৰাখিবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে মোদীয়ে৷ এইক্ষেত্রত সেনা জোৱানসকলৰ ভূমিকা অপৰিসীম বুলি উল্লেখ কৰে মোদীয়ে৷ সেনা জোৱানসকলক প্রশংসাৰে ওপচাই দিয়াৰ উপৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ভাৰত ক্রমে বিশ্ব দৰবাৰত গুৰুত্বপূর্ণ শক্তি হৈ উঠিছে৷ কেৱল নিজৰ প্রতিৰক্ষা বিভাগকেই শক্তিশালী কৰা নহয়, বন্ধু দেশবোৰলৈও সাহায্যৰ হাত আগবঢ়াইছে ভাৰতে৷ বিগত ৩০ বছৰ ধৰি জোৱানসকলৰ সৈতে দীপাৱলী পালন কৰাৰ কথা উল্লেখ কৰে প্রধানমন্ত্রী মোদীয়ে৷ উল্লেখনীয় যে ২০২১ চনত দীপাৱলীত জম্মু–কাশ্মীৰৰ নৌচেৰা ছেক্টৰত সেনা জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিছিল মোদীয়ে৷ ২০১৯ চনত ৰাজৌৰি জিলা আৰু ২০১৮ চনত উত্তৰাখণ্ডত উৎসৱ পালন কৰিবলৈ গৈছিল মোদীয়ে৷ স্মর্তব্য যে হিমাচল প্রদেশৰ লেপচা হৈছে তিব্বত সীমান্তৱর্তী ভাৰতৰ বাবে এক কৌশলপূর্ণ অঞ্চল৷ এই অঞ্চলটোত সেনাৰ ঘাটি স্থাপন কৰি চীনৰ ভাবুকিক প্রত্যাহ্বান জনাই আহিছে ভাৰতে৷ মোদীয়ে প্রসংগক্রমে সেনা জোৱানসকলৰ আগত উল্লেখ কৰে যে ভাৰতৰ খিলঞ্জীয়া সম্পদ আৰু সীমান্ত আন্তঃগাঁথনি এতিয়া দেশখনৰ মূল শক্তি৷ লক্ষণীয়ভাৱে প্রধানমন্ত্রী বা মুখ্যমন্ত্রী নথকা অৱস্থাতো দীপাৱলীৰ সময়ত সীমান্তলৈ এই পোহৰৰ উৎসৱত উদযাপন কৰিবলৈ গৈছিল বুলি মোদীয়ে উল্লেখ কৰে৷ প্রতিৰক্ষা ক্ষেত্রত ভাৰত এতিয়া বিশ্বৰ এক শক্তি হোৱা বুলিও ঘোষণা কৰে সেনা জোৱানসকলৰ আগত৷ সম্পূর্ণ সামৰিক পোছাকত প্রধানমন্ত্রীয়ে জোৱানসকলক মিঠাই খুৱাই থকা দৃশ্য সংবাদ মাধ্যমত বিয়পি পৰে৷