যুদ্ধৰ অন্ত কেতিয়া
ইজৰাইলত হামাছৰ বর্বৰতা আৰু গাজাত ইজৰাইলী সেনাৰ হিংস্র প্রত্যাক্রমণে সমগ্র পশ্চিম এছিয়ালৈ নমাই আনিছে অশান্তি৷ যুদ্ধভূমি গাজাত প্রতিদিনে ঢলি পৰিছে নিৰীহৰ দেহ৷ গাজাৰ প্রান্তে প্রান্তে শিশু–মহিলাৰ তেজত সিক্ত হৈছে ভূমি৷ বিশ্বৰ বিভিন্ন দেশে গাজাত ইজৰাইলৰ আক্রমণক মান্যতা প্রদান কৰাৰ বিপৰীতে পেলেষ্টাইনৰ স্বাধীনতাৰ প্রসংগ সজোৰে উত্থাপন কৰিছে একাংশ দেশে৷ যুদ্ধভূমি গাজাত দুর্গত লোকসকলক মানৱীয় সাহায্য প্রদানৰ বিষয়টো লৈ সৰৱ হৈছে ৰাষ্ট্রসংঘ৷ ইউৰোপীয় সংঘৰ দৰে সংগঠনসমূহে শীঘ্রে গাজাত যুদ্ধবিৰতিৰ দাবী উত্থাপন কৰিছে৷ কিন্তু ইয়াৰ পিছতো আমেৰিকা তথা পাশ্চাত্যৰ কেইখনমান দেশৰ ইজৰাইলপ্রীতিৰ বাবে যুদ্ধভূমি গাজাত চলি আছে হত্যাৰ অভিযান৷ আটাইতকৈ পৰিতাপৰ বিষয়টো হৈছে গাজাত ইজৰাইলৰ বোমা, ক্ষেপণাস্ত্রৰ আক্রমণত এঘাৰ সহস্রাধিক নিৰীহ লোক নিহত হৈছে বিগত প্রায় এটা মাহত৷ এই লোকসকলৰ ভিতৰত আছে প্রায় পাঁচ হাজাৰ শিশু৷ ইফালে, যুদ্ধই পংগু কৰিছে কেইবা হাজাৰৰো লোকক৷ শিশু–নাৰীবধি এই নৃশংস যুদ্ধ সত্ত্বেও ইজৰাইলক গাজাত অভিযান চলোৱাৰ ক্ষেত্রত বাধা দিবলৈ আগবাঢ়ি অহা নাই কোনো দেশ৷ বৰঞ্চ এই যুদ্ধখনক মধ্যপ্রাচ্যৰ বিভিন্ন প্রান্তলৈ বিয়পি পৰাৰ সুযোগহে দিয়া হৈছে৷ যাৰ সুযোগ গ্রহণ কৰি লেবাননৰ পৰা চিয়া সন্ত্রাসবাদী সংগঠন হিজবুল্লাই ইজৰাইলৰ বিৰুদ্ধে সীমান্তত আৰম্ভ কৰিছে যুদ্ধ৷ ইৰানে বাৰে বাৰে হুংকাৰ দিছে ইজৰাইলৰ ওপৰত আক্রমণৰ৷ ৱেষ্ট বেংকৰ পৰা অন্য এটা পেলেষ্টাইনী সন্ত্রাসবাদী সংগঠন ইছলামিক জেহাদেও ইজৰাইলৰ বিৰুদ্ধে মর্টাৰ আৰু ক্ষেপণাস্ত্রৰে আক্রমণ আৰম্ভ কৰিছে৷ ইয়াৰ মাজতে ছিৰিয়াৰ ইৰান মদতপুষ্ট বিদ্রোহীৰ ঘাটিত আমেৰিকাই বোমা বর্ষণ কৰিছে৷ অর্থাৎ এফালে প্রতিদিনে নিৰীহ শিশু–নাৰী পাইকাৰী হাৰত নিহত হৈ থকা সত্ত্বেও আনফালে যুদ্ধৰ কুচকাৱাজ আৰম্ভ কৰিছে ইখনৰ পিছত সিখন দেশে৷ একে সময়তে আমেৰিকাৰ মিত্র দেশ ছৌদি আৰবে ইজৰাইলৰ পেলেষ্টাইনবিৰোধী নৃশংস অৱস্থান সত্ত্বেও কোনোধৰণৰ প্রতিবাদ নজনোৱাৰ ফলত য়েমেনৰ বিদ্রোহী সংগঠন হুঠীয়ে ইজৰাইলৰ বিৰুদ্ধে আৰম্ভ কৰিছে আক্রমণ৷ চৌদিশৰ পৰা ইজৰাইলৰ ওপৰত আক্রমণ আৰম্ভ হৈছে যদিও পৰমাণু শক্তিধৰ ৰাষ্ট্র ইজৰাইলৰ সৈতে আমেৰিকাৰ বন্ধুত্বই এই দেশসমূহক অধিক ক্ষতিগ্রস্ত কৰাৰ সম্ভাৱনা আছে৷
মূল প্রশ্ণটো হৈছে আমেৰিকা তথা ইউৰোপীয় দেশসমূহে সদায় মানৱ অধিকাৰ প্রসংগক লৈ বিভিন্ন দেশক সমালোচনা কৰি আহিছে৷ আনকি বিভিন্ন দেশৰ বিৰুদ্ধে মানৱাধিকাৰ তথা ধর্মীয় অধিকাৰৰ প্রশ্ণতো নিষেধাজ্ঞাও আৰোপ কৰাৰ নজিৰ আছে৷ হোৱাইট হাউছ প্রশাসনে সঘনে এই বিষয়ত সবল প্রতিবাদ সাব্যস্ত কৰি আহিছে যদিও গাজাত ইজৰাইলী সেনাই হাজাৰ হাজাৰ শিশু–মহিলা তথা বৃদ্ধ লোকক হত্যা কৰাৰ পিছতো বিশেষ গুৰুত্ব প্রদান কৰা নাই৷ আনকি গাজাত যুদ্ধবিৰতিৰ পক্ষতো সন্মতি দিয়া নাই আমেৰিকাই৷ এইক্ষেত্রত আমেৰিকাৰ যুক্তি হৈছে যুদ্ধবিৰতি মানে হামাছক পুনৰ সংগঠিত হোৱাৰ সুযোগ দিয়া৷ লক্ষণীয়ভাৱে গাজা আৰু ৱেষ্ট বেংকত পেলেষ্টাইনৰ শাসন থাকিব লাগে বুলি আমেৰিকাই দাবী কৰিলেও ইজৰাইলক যুদ্ধ বন্ধ কৰাৰ বাবে কোনোধৰণৰ আহ্বান জনোৱা নাই৷ পৰিণতিত সমগ্র বিষয়টোক লৈ সৃষ্টি হৈছে সন্দেহ৷ গাজা ভূখণ্ডত ইজৰাইলৰ নৃশংস আক্রমণত আমেৰিকাৰ সন্মতি থকাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ ইয়াৰ মাজতে ৰাছিয়াৰ ভাৰাতীয়া বাহিনী ৱাগনাৰে হামাছ আৰু হিজবুল্লাক অস্ত্র প্রদান কৰি মধ্যপ্রাচ্যৰ এই যুদ্ধক দীর্ঘস্থায়ী ৰূপ প্রদান কৰিব বিচাৰিছে৷ বর্তমান যুদ্ধখনত হামাছ সন্ত্রাসবাদীৰ প্রসংগটো উত্থাপন হৈছে যদিও পেলেষ্টাইনৰ স্বাধীনতাৰ দাবীক কৌশলেৰে দমাই ৰাখিব বিচৰা হৈছে৷ দীর্ঘদিন ধৰি ইজৰাইলে পেলেষ্টাইন ভূখণ্ডক চেপি চেপি নিঃশেষ কৰি অহা বিষয়টোক লৈ পুনৰ আৰব ৰাষ্ট্রসমূহ সৰৱ হৈ অহাৰ লগে লগে ইহুদী ৰাষ্ট্র ইজৰাইলৰ বিৰুদ্ধে সন্মিলিত শক্তিৰ যুদ্ধৰ আশংকা ঘনীভূত হৈছে৷ ই সমগ্র মধ্যপ্রাচ্যত বিভীষিকাৰ অন্যতম কাৰণ হৈ পৰিব৷