নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এলএচিত দুই দেশৰ সেনা সংঘাতৰ পিছত প্রথমবাৰৰ বাবে মোদী-জি ঝিনপিং হব মুখামুখি!

বিশেষ বাৰ্তা, ১৬ ছেপ্টেম্বৰঃ ক’ভিড মহামাৰীৰ পৰিপ্রেক্ষিতত দুবছৰৰ মূৰকত উজবেকিস্তানৰ সমৰকন্দত মুখামুখিকৈ সদস্য দেশৰ মুৰব্বীৰ উপস্থিতিত আৰম্ভ হৈছে ছাংহাই কো–পাৰেচন অর্গেনাইজেচন, চমুকৈ এছ চি অ’ৰ সন্মিলন৷ দুদিনীয়াকৈ চলিবলগীয়া এই এছ চি অ’ৰ সন্মিলনত অংশগ্রহণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী সমৰকন্দত উপস্থিত হৈছে৷ ভাৰত আৰু চীনৰ সেনাৰ মাজত লাডাখৰ এল এ চিত সংঘাতৰ পাছত প্রথমবাৰলৈ প্রধানমন্ত্রী মোদী আৰু চীনৰ ৰাষ্ট্রপতি ঝিনপিং মুখামুখি হ’ব৷ এছ চি অ’ৰ সন্মিলনত চীনৰ ৰাষ্ট্রপতিৰ উপৰি ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ সৈতেও মুখামুখি হ’ব প্রধানমন্ত্রী মোদী৷ এই সন্মিলনত অংশগ্রহণৰ বাবে উজবেকিস্তানলৈ ৰাওনা হোৱাৰ পূর্বে প্রধানমন্ত্রী মোদীয়ে টুইটত কয়– এছ চি অ’ৰ সন্মিলনত আঞ্চলিক আৰু আন্তর্জাতিক বিষয়সমূহক লৈ মতামত ব্যক্ত কৰা হ’ব৷ এছ চি অ’ৰ সম্প্রসাৰণ আৰু সংগঠনটোৰ মাজত বহুমুখী আৰু পাৰস্পৰিক লাভান্বিত সহযোগিতাক অধিক গভীৰ কৰা হ’ব৷ বাণিজ্য, অর্থনীতি, সংস্কৃতি আৰু পর্যটনক লৈও এই সন্মিলনত আলোচনা কৰা হ’ব৷ লাডাখৰ এল এ চিকে ধৰি চীন–ভাৰতৰ আন্তর্জাতিক সীমান্তত দুই দেশৰ মাজত চলি থকা উত্তেজনাৰ মাজতে উজবেকিস্তানত এছ চি অ’ সন্মিলনৰ সময়তে চীনৰ ৰাষ্ট্রপতি ঝিনপিঙৰ সৈতে প্রধানমন্ত্রী দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ উজবেকিস্তানত ভাৰতৰ ৰাষ্ট্রদূত মনীষ প্রভাতে কয় যে এছ চি অ’ সন্মিলনত প্রধানমন্ত্রী মোদীয়ে অংশগ্রহণ কৰাৰ পাছত কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব প্রধানমন্ত্রীগৰাকী৷ চীনৰ ৰাষ্ট্রপতি জি ঝিনপিঙৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ পূর্ণ সম্ভাৱনা আছে যদিও এতিয়াও আনুষ্ঠানিকভাৱে চূড়ান্ত সিদ্ধান্ত হোৱা নাই৷ ভাৰতৰ বৈদেহিক সচিব বিনয় কাটৰাই সংবাদ মেলত সম্বোধন কৰা মতে, শুকুৰবাৰে অর্থাৎ কাইলৈ প্রধানমন্ত্রী মোদীয়ে কেইবাগৰাকীও বিশ্ব নেতাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব৷ ঝিনপিঙৰ সৈতে মুখামুখিকৈ দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাটো এতিয়াও নিশ্চিত হোৱা নাই৷ চীনেও এইক্ষেত্রত আনুষ্ঠানিকভাৱে দুই নেতাৰ বৈঠকক লৈ নিশ্চিত কৰা নাই৷ উল্লেখ্য যে এছ চি অ’ৰ স্থায়ী সদস্য দেশ হৈছে চীন, ভাৰত, ৰাছিয়া, কাজাখস্তান, কিৰগিস্তান, তাজিকিস্তান, উজবেকিস্তান আৰু পাকিস্তান৷ চীনৰ সৈতে দ্বিপাক্ষিক বৈঠক নিশ্চিত হোৱা নাই যদিও ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনৰ সৈতে মোদীৰ দ্বিপাক্ষিক বৈঠক নিশ্চিত হৈছে৷ এই বেঠকত দুই দেশৰ মাজত বাণিজ্য বিশেষকৈ ৰাছিয়াৰ সাৰ আৰু পাৰস্পৰিক খাদ্য যোগান সন্দর্ভত গুৰুত্বপূর্ণ আলোচনা হ’ব৷ ২০২২ চনৰ এছ চি অ’ৰ বৈঠক উজবেকিস্তানৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে আৰু পৰৱর্তী বৈঠক ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব৷

You might also like