আগন্তুক মেলব’ৰ্ন ভ্রমণকালত প্রধানমন্ত্রী মোদীক হত্যাৰ আশংকা !
ডিজিটেল ডেস্ক, ৫ জুলাই : পুনৰ প্রাণনাশৰ ভাবুকি প্রধানমন্ত্রী মোদীক! প্রধানমন্ত্রীগৰাকীৰ আগন্তুক অষ্ট্রেলিয়া ভ্রমণৰ পূর্বে ছ’চিয়েল মিডিয়াৰ এটা কমেণ্টক লৈ সৃষ্টি হৈছে আশংকাৰ৷ এই ঘটনাৰ খবৰ পায়ে তৎপৰ হৈ পৰিছে অষ্ট্রেলিয়া প্রশাসন৷ তদন্তত নামিছে আৰক্ষী৷ জোৰদাৰ কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী৷
অষ্ট্রেলিয়াৰ এটা সংবাদ মাধ্যমৰ বাতৰি মতে, অহা ৯ জুলাইত মেলব’ৰ্নৰ মার্ভেল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ‘মেলব’ৰ্ন মীট মোদী’ নামৰ এটা অনুষ্ঠান৷ এই অনুষ্ঠানটোৰ প্রচাৰমূলক এটা প’ষ্ট দিয়া হয় সামাজিক মাধ্যমত৷ এই প’ষ্টটোৰ কমেণ্ট ছেকচনতে এই হুমকি আহে বুলি দাবী কৰা হৈছে৷
প্রতিবেদনত উল্লেখ কৰা হৈছে যে আবু মুছাফা নামৰ এটা একাউণ্টৰ পৰা মোদীক প্রাণনাশৰ হুমকি দি কমেণ্ট কৰা হয়৷ কমেণ্টত লিখা হয় ‘অনুষ্ঠান চলি থকা সময়ত ষ্টেডিয়ামৰ ছাড যেন বন্ধ হৈ থাকে, নহ’লে অষ্ট্রেলিয়াতেই তেওঁৰ মৃত্যু হ’ব৷’
অষ্ট্রেলিয়াৰ সংবাদ প্রতিষ্ঠানৰ খবৰ মতে, সামাজিক মাধ্যমত মন্তব্যটো প্রকাশৰ পিছতে বিষয়টো অষ্ট্রেলিয়া ফেডাৰেল পুলিচৰ ওচৰলৈ পঠিওৱা হয়৷ উল্লেখ্য যে প্রধানমন্ত্রী মোদীয়ে অহা ৮ জুলাইত অষ্ট্রেলিয়াৰ মাটিত পদার্পণ কৰাৰ কথা৷