নেপালৰ নৱনিৰ্বাচিত গৃহমন্ত্ৰীৰ আকস্মিক পদত্যাগ
নেপালৰ গৃহমন্ত্ৰী সুধান গুৰুঙে পদ গ্ৰহণ কৰাৰ মাত্ৰ ২৬ দিনৰ ভিতৰতে পদত্যাগ কৰিছে। বুধবাৰে (২২ এপ্ৰিল) তেওঁ নিজৰ আৰ্থিক সম্পত্তি সন্দৰ্ভত উত্থাপিত উদ্বেগৰ নিৰপেক্ষ তদন্তৰ কথা উল্লেখ কৰি পদত্যাগ কৰাৰ সিদ্ধান্ত লয়।
সুধান গুৰুঙে ফেচবুকত এটা পোষ্টৰ জৰিয়তে এই বিষয়ে জনায় যে তেওঁৰ ওপৰত উঠা অভিযোগসমূহৰ স্বচ্ছ তদন্তৰ স্বাৰ্থতে তেওঁ দায়িত্বৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে।
এই হঠাৎ পদত্যাগে নেপালৰ ৰাজনৈতিক মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ২২ এপ্ৰিল