স্বামী শ্যামকানু মহন্তৰ কাৰাবন্দিত্বৰ পৰা ন্যায় বিচাৰি আদালতত উপস্থিত হৈছিল পত্নী অনিতা মহন্ত। জামিন আবেদনৰ শুনানি শেষ হোৱাৰ পিছত আদালতৰ পৰা ওলাই আহি তেওঁ প্ৰথমবাৰলৈ মুখ খোলে আৰু কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়ায়।
জুবিন গাৰ্গ ঘটনাৰ সৈতে জড়িত অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনিতা মহন্তই কয়, “মোৰ মানুহজন নিৰপৰাধী। নিৰপৰাধী লোকজনক জে’লত সুমুৱাই থোৱা হৈছে। তেওঁৰ সৈতে অন্যায় হৈছে।”
তেওঁ আৰু কয়, “ছিংগাপুৰৰ দৰে কঠোৰ আইন থকা এখন দেশে এই ঘটনাক দুৰ্ঘটনা বুলি উল্লেখ কৰিছে। কিন্তু অসমত ইয়াক হত্যা বুলি কৈ শ্যামকানুক জে’লত ৰাখিছে। তেওঁক জে’লত ৰখাৰ ফলত জুবিন গাৰ্গৰ আত্মাই কষ্ট পাব বুলি মই অনুভৱ কৰিছোঁ। আমি ন্যায় পোৱাৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছোঁ।”
অনিতা মহন্তই লগতে কয়, “জুবিন গাৰ্গক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰাটো আমাৰ কোনো অৱহেলা হ’ব নোৱাৰে। জুবিনে শ্যামকানুক খুব ভাল পাইছিল। জুবিনে কেতিয়াবা আত্মহত্যা কৰিব পাৰে বুলি শ্যামকানুৱে চিন্তিত আছিল।”
তেওঁ আৰু দাবী কৰে যে “জুবিনক কোনোবাই জোৰ কৰি একো কৰাব নোৱাৰে। তেওঁ নিজৰ সিদ্ধান্ত নিজেই লয়। তেওঁ ছিংগাপুৰলৈ যোৱাৰ পৰিকল্পনা আমি আগতে নাজানিছিলোঁ। য়ট পাৰ্টীৰ কথাও শ্যামকানুৱে নাজানিছিল। ঘটনাৰ সময়ত তেওঁ প্ৰায় ৫০ কিলোমিটাৰ দূৰত এখন মিটিঙত ব্যস্ত আছিল। মই নিজেও সেই অনুষ্ঠানৰ বাবে ছিংগাপুৰত উপস্থিত আছিলোঁ।”
ডিজিটেল ডেস্ক, ২২ এপ্ৰিল