প্রবাসী ভাৰতীয়ক সুৰক্ষিত স্থানত অৱস্থান কৰাৰ আহ্বান
ডিজিটেল ডেস্ক, ১ মাৰ্চ : যুদ্ধৰ আতংকৰ মাজতে মধ্যপ্রাচ্যৰ বিভিন্ন দেশত সতর্কতা জাৰি কৰিছে ভাৰতে৷ বিশেষকৈ প্রবাসী ভাৰতীয়সকলক সুৰক্ষিত স্থানত অৱস্থান কৰিবলৈ আহ্বান জনোৱা হৈছে৷
ডোহাস্থিত ভাৰতৰ দূতাৱাসে প্রত্যেক ভাৰতীয়কে নিজৰ ঘৰত অথবা কোনো সুৰক্ষিত স্থানত আশ্রয় লোৱাৰ বাবে পৰামর্শ দিয়ে৷ এই সতর্ক বার্তাত কোৱা হৈছে যে একান্ত প্রয়োজন নাথাকিলে ডোহা–কাটাৰকে ধৰি অন্য চহৰসমূহত থকা ভাৰতীয় নাগৰিকসকলে যাতে বাহিৰলৈ নোলায়৷
ইজৰাইলস্থিত ভাৰতীয় দূতাৱাসেও অনুৰূপ সতর্কতা জাৰি কৰিছে৷ ইজৰাইল কর্তৃপক্ষই যিধৰণৰ সতর্কতামূলক পদক্ষেপ গ্রহণ কৰিছে সেয়া যাতে প্রত্যেকেই মানি চলে৷ ভাৰতীয় দূতাৱাসৰ সমান্তৰালভাৱে কেন্দ্রীয় বৈদেশিক মন্ত্রালয়েও এক গুৰুত্বপূর্ণ নির্দেশ দিছে৷ বিশেষকৈ ইজৰাইলত বসবাস কৰা প্রবাসী ভাৰতীয়সকলে যাতে সকলো মুহূর্ততে সতর্ক আৰু সজাগ হৈ থাকে, তাৰ বাবে পৰামর্শ দিছে বৈদেশিক মন্ত্রালয়ে৷