নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান ক্রিকেট ব’ৰ্ডক সকীয়নি বিচিচিআইৰ

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ  ভাৰতত অনুষ্ঠিত হ’বলগীয়া ২০২১ৰ টি–২০ বিশ্বকাপ আৰু ২০২৩ৰ এদিনীয়া বিশ্বকাপৰ সময়ছোৱাত পাকিস্তান ক্রিকেট দলে যাতে ভিছা সম্পর্কীয় কোনো সমস্যাৰ সন্মুখীন নহয়, সেয়া নিশ্চিত কৰিবলৈ পাকিস্তান ক্রিকেট ব’র্ডে অলপতে আই চি চিক আহ্বান জনাইছিল৷ ইয়াৰ প্রত্যুত্তৰত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে আজি পাকিস্তান ক্রিকেট ব’ডক আহ্বান জনায় যে পাকিস্তানে প্রথমতে সন্ত্রাসবাদী কার্যকলাপ বন্ধ কৰাৰ নিশ্চয়তা দিয়ক, তাৰ পিছতহে ভাৰত চৰকাৰৰ পৰা পাকিস্তানৰ খেলুৱৈয়ে ভিছাৰ অনুমতি লাভ কৰিব৷

ব’ৰ্ডৰ এক সূত্রই আজি কয় যে পাকিস্তানে ভাৰতীয় ব’ৰ্ডৰ পৰা আই চি চিৰ মাধ্যমেৰে ভিছা সম্পর্কীয় নিশ্চয়তা বিচৰাৰ পূর্বে সীমান্তত সন্ত্রাসবাদী কার্যকলাপ বন্ধ কৰাৰ লিখিত প্রতিশ্রুতি দিয়ক৷ ‘পাকিস্তান ক্রিকেট ব’র্ডে এই কথা উপলব্ধি কৰা উচিত যে তেওঁলোকৰ সন্ত্রাসবাদীয়ে ভাৰতৰ সৈতে অন্যায় কৰি আছে৷ সীমান্তত সন্ত্রাসবাদী কার্যকলাপ বন্ধ হোৱাৰ প্রতিশ্রুতি দিলে আমি ২০২১ৰ টি–২০ বিশ্বকাপ আৰু ২০২৩ৰ এদিনীয়া বিশ্বকাপৰ বাবে পাকিস্তানৰ খেলুৱৈলৈ ভিছাৰ নিশ্চয়তা দিব পাৰোঁ৷’– ব’ৰ্ডৰ সূত্রটোৱে এইদৰে কয়৷

মন কৰিবলগীয়া যে বিশ্বকাপৰ দৰে মেগা ইভেণ্টৰ ক্ষেত্রত কোনো দেশৰ চৰকাৰে বিদেশৰ খেলুৱৈক ভিছা আগবঢ়োৱাৰ ক্ষেত্রত বাধা আৰোপ কৰিব নোৱাৰে বুলি বি চি চি আয়ে ইতিমধ্যে নির্দেশ জাৰি কৰিছে৷ পাকিস্তানৰ খেলুৱৈক ভিছা আগবঢ়োৱাৰ ক্ষেত্রত ভাৰত চৰকাৰে আই চি চিৰ এই নিয়ম কিদৰে পালন কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like