নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছএছবিত ১১৫ পদত নিযুক্তিৰ সুযোগ; আবেদনৰ অন্তিম তাৰিখ ১৬ আগষ্ট

ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা দপ্তৰৰ অধীনত পৰিচালিত সশস্ত্র সীমা বল(Sashastra Seema Bal) অর্থাৎ এছ এছ বিত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন পুৰুষ–মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এছ এছ বিৰSSB- Commandant (Rectt)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

Head Constable-Ministerial পদসমূহ Group-‘C’ পর্যায়ৰ Head Constable-Ministerialৰ পদ ১১৫টাৰ ভিতৰত অসংৰক্ষিত ৪৭টা, আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১১টা, অ’ বি চিৰ ২৬টা, এছ চিৰ ২১টা আৰু এছ টি শ্রেণীৰ প্রার্থীৰ বাবে ১০টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰীৰ বয়স ১৮–২৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ড/বিশ্ববিদ্যালয়ৰ পৰাIntermediate/Senior Secondary উত্তীর্ণ হোৱা হ’ব লাগিব৷

কম্পিউটাৰত প্রতি মিনিটত ৩৫টা ইংৰাজী শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব নাইবা কম্পিউটাৰত প্রতি মিনিটত ৩০টা হিন্দী শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,৫০০–৮১,১০০ টকা৷ আবেদন মাচুল হিচাপে ১০০ টকা অসংৰক্ষিত, অ’ বি চি, এম অ’ বি চি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে নেট বেংকিং/ক্রেডিট কার্ড/ডেভিট কার্ডৰ মাধ্যমেৰে এছ এছ বিৰ হকে পৰিশোধ কৰিব লাগিব৷

অৱশ্যে এই মাচুল এছ টি, এছ চি, প্রাক্তন কর্মচাৰী আৰু মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এছ এছ বিৰ ৱেবছাইটwww.ssbrectt.gov.in লগ–ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ১৬ আগষ্ট, ২০২১৷

You might also like