নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০০ এদিনীয়াত জয়ৰ অভিলেখ পাকিস্তানৰ

বিশেষ বাৰ্তা, ২৯ এপ্রিলঃ এদিনীয়া আন্তর্জাতিক ক্রিকেটত ৫০০ মেচ বিজয়ৰ অভিলেখ গঢ়িলে পাকিস্তানে৷ ইমানদিনে এই কৃতিত্বৰ গৰাকী আছিল ভাৰত আৰু অষ্ট্রেলিয়া৷ পাকিস্তানে তৃতীয়খন দেশ হিচাপে এই কৃতিত্ব অর্জন কৰিলে৷ দেশৰ মাটিত এদিনীয়া শৃংখলাৰ এখন মেচত আজি নিউজিলেণ্ডক পাঁচ উইকেটত হৰুৱাই এই কৃতিত্ব অর্জন কৰে পাকিস্তান ক্রিকেট দলে৷ ৯৪৯খন মেচ খেলি ৫০০সংখ্যক বিজয় অর্জন কৰে দলটোৱে৷ এদিনীয়া ক্রিকেটত সর্বাধিক ৫৯৪খন মেচত জয়লাভ কৰি শীর্ষ স্থানত আছে অষ্ট্রেলিয়া৷ দ্বিতীয় স্থানত থকা ভাৰতে ৫৩৯খন মেচত জয়লাভ কৰিছে৷ ১৯৭৩ চনৰ ফেব্রুৱাৰীত এদিনীয়া ক্রিকেটত অভিষেক হৈছিল পাকিস্তান ক্রিকেট দলৰ৷ নিজৰ দ্বিতীয়খন মেচতে জয়লাভ কৰিছিল দলটোৱে৷ ১৯৭৪ চনত অনুষ্ঠিত সেই মেচখনত দলটোৱে ইংলেণ্ডক পৰাজিত কৰিছিল৷

You might also like