‘ভূগোলত থাকিব নে ইতিহাস হ’ব, সিদ্ধান্ত ল’ব লাগিব পাকিস্তানে’, সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ
ডিজিটেল ডেস্ক, ১৬ মে’ : ভাৰতবিৰোধী কাৰ্যকলাপ বন্ধ নকৰিলে পাকিস্তানে চূড়ান্ত পৰিণতি ভোগ কৰিব লাগিব বুলি পুনৰ কঠোৰ সতৰ্কবাণী দিলে ভাৰতীয় সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে। সন্ত্ৰাসবাদ অব্যাহত থাকিলে ইছলামাবাদ মানচিত্ৰৰ পৰাই নিশ্চিহ্ন হৈ যাব পাৰে বুলিও মন্তব্য কৰে সেনাপ্ৰধানগৰাকীয়ে।
শনিবাৰে নতুন দিল্লীৰ মানেক্সা চেণ্টাৰত অনুষ্ঠিত ‘ইউনিফৰ্ম আনভেইলড’ অনুষ্ঠানত তেওঁক সোধা হৈছিল যে যোৱা বছৰৰ ‘অপাৰেচন সিন্দূৰ’ৰ দৰে পৰিস্থিতি পুনৰ সৃষ্টি হ’লে ভাৰতীয় সেনা বাহিনীয়ে কেনেদৰে উত্তৰ দিব? ইয়াৰ উত্তৰত সেনাপ্ৰধান দ্বিবেদীয়ে কয়- “যদি পাকিস্তানে সন্ত্ৰাসবাদীক আশ্ৰয় দিয়া আৰু ভাৰতবিৰোধী কাৰ্যকলাপ অব্যাহত ৰাখে, তেন্তে তেওঁলোকে সিদ্ধান্ত ল’ব লাগিব যে তেওঁলোক ভূগোলৰ অংশ হৈ থাকিব নে ইতিহাসৰ অংশ হৈ যাব।”
দেশ আৰু ভাৰতীয় সেনা বাহিনীয়ে ‘অপাৰেচন সিন্দূৰ’ৰ প্ৰথম বাৰ্ষিকী পালন কৰাৰ কিছুদিন পিছতেই এক অনুষ্ঠানত ভাৰতীয় সেনাধ্যক্ষই এক বাৰ্তা দিছিল। সেইদিনাও ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰি দিছিল যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব। আজিও সেই বাৰ্তাই দিলে ভাৰতীয় সেনাপ্ৰধানে। জেনেৰেল দ্বিবেদীৰ এই মন্তব্যই পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ আগন্তুক কঠোৰ মনোভাব স্পষ্ট কৰি তোলে।
উল্লেখ্য যে ২০২৫ চনৰ ৭ মে’ত কাশ্মীৰৰ পেহেলগামত সংঘটিত ৰক্তাক্ত আক্ৰমণে সমগ্ৰ বিশ্বক জোকাৰি গৈছিল। ইয়াৰ প্ৰতিশোধ হিচাপে ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে বৃহৎ অভিযান চলাইছিল। ৮৮ ঘণ্টীয়া এই অভিযানত সন্ত্ৰাসবাদৰ বহু ঘাটি ধ্বংস কৰা হৈছিল। পুনৰ যদি পাকিস্তানে তেনে কোনো আক্ৰমণৰ সাহস দেখুৱায়, তেন্তে তাৰ পৰিণতি অতি ভয়ংকৰ হ’ব বুলি ‘অপাৰেচন সিন্দূৰ’ৰ এবছৰ পূৰ্তিৰ পাছতেই পুনৰ সতৰ্ক কৰি দিলে ভাৰতীয় সেনাপ্ৰধানগৰাকীয়ে।