আফ্ৰিকাত ইবোলা ভাইৰাছৰ আতংক, কংগোত ৬৫জনৰ মৃত্যু
ডিজিটেল ডেস্ক, ১৬ মে’ : আফ্ৰিকাত পুনৰ ইবোলা ভাইৰাছৰ আতংক! মধ্য আফ্ৰিকাৰ দেশ ডি আৰ কংগোত এই মাৰাত্মক ভাইৰাছৰ ফলত ৬৫জন লোকৰ মৃত্যু হৈছে। আনহাতে, ২০০ৰো অধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰে শতাধিক লোক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। প্ৰতিবেদন অনুসৰি, দেশজুৰি ব্যাপক হাৰত পৰীক্ষা আৰম্ভ কৰা হৈছে। তাত দেখা গৈছে যে প্ৰতি ২০জনৰ ভিতৰত অন্তত: ১৩জন এই ভাইৰাছত আক্ৰান্ত।
জানিব পৰা মতে, বিগত সময়ত দুবাৰ ইবোলা ভাইৰাছৰ ভয়াৱহ প্ৰকোপৰ সন্মুখীন হৈছিল কংগো। প্ৰথমবাৰ ২০১৮ চনত আৰু তাৰ পিছত ২০২০ চনত। এই দুয়োটা পৰ্যায়ত কংগোত অন্তত: ৩ হাজাৰ লোকৰ মৃত্যু হৈছিল। ইবোলাক বিশ্বৰ অন্যতম বিপজ্জনক ভাইৰাছ হিচাপে গণ্য কৰা হয়। এই ৰোগত আক্ৰান্ত হোৱা বহু লোকৰ মৃত্যু হয়। ৰোগটোৰ প্ৰাথমিক লক্ষণসমূহৰ ভিতৰত ডায়েৰিয়া আৰু ৰক্তক্ষৰণ অন্যতম। জানিব পৰা মতে, ১৯৬৭ চনত পূব আফ্ৰিকাত প্ৰথম এই ভাইৰাছৰ সংক্রমণ ধৰা পৰিছিল। তাৰ পিছত পশ্চিম আফ্ৰিকা হৈ পুনৰ মধ্য আফ্ৰিকাত ভাইৰাছটোৰ নতুন সংক্রমণ ধৰা পৰাত উদ্বেগ বৃদ্ধি পায়।
প্ৰতিবেদন অনুসৰি, এই ভাইৰাছত আক্ৰান্ত হ’লে অতি কম সময়ৰ ভিতৰতে ৰোগীৰ অৱস্থা সংকটজনক হৈ পৰে। স্পৰ্শৰ মাধ্যমেৰে বা আক্ৰান্ত ব্যক্তিৰ ওচৰত থাকিলেও ভাইৰাছটো বিয়পিব পাৰে।